গুৱাহাটী, ৭ ছেপ্টেম্বৰ :শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰে প্ৰৱৰ্তন কৰা এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ‘অভিনন্দন’ । এই আঁচনিখনৰ যোগেদি শিক্ষাৰ্থীসকলে শিক্ষাৰ বাবে ৰাজসাহায্য লাভেৰে ঋণ ল'ব পাৰিব । ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে এই অভিলাষী ‘‘অভিনন্দন শিক্ষা ঋণ ৰাজসাহায্য আঁচনি’’ৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে ।
শিক্ষা ঋণৰ ক্ষেত্ৰত ৫০ হাজাৰ টকা পর্যন্ত ৰাজসাহায্য প্ৰদানেৰে শিক্ষার্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘব কৰাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে । ইতিমধ্যে ৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা এই আঁচনিখনৰ দ্বিতীয় পৰ্যায় ২০ অক্টোবৰলৈ ৪৫ দিনৰ বাবে খোলা থাকিব ।
অসমৰ লগতে আন ঠাইতো উচ্চশিক্ষা গ্ৰহণ কৰি থকা শিক্ষার্থীসকলে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব । আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষার্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষার্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব । এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে মুকলি কৰা হৈছে প'ৰ্টেল । ২০ অক্টোবৰলৈ এই প'ৰ্টেল মুকলি থাকিব ।
- কেতিয়া আৰম্ভ হৈছিল অভিনন্দন আঁচনি :
২০১৯ চনৰ ২৬ ডিচেম্বৰত অসম চৰকাৰৰ অভিনন্দন আঁচনিখন মুকলি কৰা হৈছিল । কলাক্ষেত্ৰত আয়োজন কৰা এক অনুষ্ঠানত সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । সেই সময়ত বৰ্তমান মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অনুষ্ঠানত উপস্থিত আছিল ।
লগতে পঢ়ক :শিক্ষাৰ্থীৰ বাবে কেইটামান উৎকৃষ্ট 'Apps'ৰ বিষয়ে জানো আহক - Educational apps for students
- অভিনন্দন আঁচনিৰ উদ্দেশ্য :
উচ্চ শিক্ষা লাভ কৰা শিক্ষাৰ্থীক শৈক্ষিক ঋণত ৫০ হাজাৰ টকাৰ ৰাজসাহায্য প্ৰদান কৰাই এই আঁচনিৰ মুখ্য উদ্দেশ্য । অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনি হাউছিং লোনৰ সৈতে আৰম্ভ কৰা হৈছিল । এই আঁচনিৰ অধীনত অসম চৰকাৰে শৈক্ষিক ঋণত উচ্চ শিক্ষা লাভ কৰা সকলো শিক্ষাৰ্থীক এককালীন ৰাজসাহায্য প্ৰদান কৰাৰ ব্যৱস্থা আছে । সকলো মুখ্য বেংক, বাণিজ্যিক বেংক, ফেডাৰেল বেংক আৰু আদি ইয়াত অন্তৰ্ভুক্ত ।
যিসকল শিক্ষাৰ্থীৰ পৰিয়ালে ১ লাখ টকাতকৈ অধিক শৈক্ষিক ঋণ গ্ৰহণ কৰে ৰাজ্য চৰকাৰে তেওঁলোকক ৰাজসাহায্য প্ৰদান কৰে । শৈক্ষিক ঋণৰ আধাৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব বিচাৰে তেওঁলোকে অনলাইন বা অফলাইনযোগে এই আঁচনিৰ বাবে আবেদন জনাব পাৰে ।
- অভিনন্দন শৈক্ষিক ঋণ ৰাজসাহায্য আঁচনিৰ লাভালাভ :
এই আঁচনিৰ যোগেদি শৈক্ষিক ঋণত অসম চৰকাৰে ৫০ হাজাৰ টকাৰ ৰাজসাহায্য আগবঢ়াব । আবেদনকাৰী শিক্ষাৰ্থীয়ে তেওঁলোকে লাভ কৰা ঋণৰ ২৫ শতাংশ প্ৰদান কৰিয়েই ৰাজসাহায্যৰ বাবে আবেদন কৰিব পাৰিব । ফেডাৰেল বেংক, এইচ ডি এফ চি বেংক আদিৰ দৰে বাণিজ্যিক বেংক বা আঞ্চলিক গ্ৰামীণ বেংক আদিৰ পৰা গ্ৰহণ কৰা ঋণৰ ভিত্তিত হিতাধিকাৰীয়ে ৰাজসাহায্য লাভ কৰিব । এই আঁচনিখনে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা লাভৰ বাবে উৎসাহিত কৰিবলৈ বিত্তীয় সহায়তা প্ৰদান কৰে ।
লগতে পঢ়ক :আজিৰে পৰা সলনি হ'ল এইবোৰ নিয়ম... - NEW RULES FROM 1st SEPTEMBER
- যোগ্যতাৰ মাপকাঠী :