অসম

assam

অনন্য নিদৰ্শন, এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰাম - Self Reliant Girl

By ETV Bharat Assamese Team

Published : 5 hours ago

Self reliant girl: কোনে কয় নাৰী দুৰ্বল ? কোনে কয় নাৰীয়ে পুৰুষৰ সমানে সমানে কৰিব নোৱাৰে যিকোনো কাম ? এগৰাকী উদ্যমী যুৱতীয়ে দেখুৱাইছে অনন্য নিদৰ্শন । দুচকুত অযুত সপোন থকা কোন এইগৰাকী যুৱতী ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

An educated young woman from Jonai is self-sufficient
এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰাম (ETV Bharat Assam)

জোনাই, ২১ ছেপ্টেম্বৰ: সংগ্ৰাম আন এক নাম জীৱনৰ । জীৱনে শিকাই যুদ্ধৰ কৌশল । সময়ে বাধ্য কৰাই সলাবলৈ পথ । এৰা, বহুজনে বুলা বাটটি এৰি আন এটি পথেৰে আগুৱাইছে এগৰাকী সংগ্ৰামী যুৱতী । সুকীয়া তাইৰ জীৱন শৈলী, সুকীয়া তাইৰ সংগ্ৰাম । পুৱাৰ পৰা গধূলিলৈ সামাজিক মাধ্যমতে ব্যস্ত থকা আন বহু শিক্ষিত যুৱতীতকৈ পৃথক তাই । শালিকী পুৱাতে ওলাই যায় তাই আনে নোযোৱা বাটেৰে । নাম তাইৰ খুচী দে' । পিঠিত এটা বেগ আৰু হাতত দুটি মোনা ।

সমাজতত্ব বিভাগত সুখ্যাতিৰে স্নাতক উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিৰ পিছত নদৌৰি বা কৰ্ম-সংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি নেমেলি খুচীয়ে নিজ অঞ্চলতে বুলিছে স্বাৱলম্বিতাৰ বাট । পুৱাতেই বিচনা এৰি খুচীয়ে ঘৰৰ সকলো কাম সামৰি স্কুটীখন লৈ ওলাই যায় জোনাইৰ বিভিন্ন অঞ্চলৰ গাঁৱে ভূঞে থকা দোকানে দোকানে । পিঠিত এখন বেগ আৰু হাতত দুটি মোনাৰ ভাৰ লৈ দুচকুত অযুত সপোন বান্ধি দোকানে দোকানে বয়-বস্তু বিক্ৰী কৰে তাই । ২০২০ চনৰে পৰা পঢ়া শুনাৰ সমান্তৰালকৈ তাই কৰি গৈছে এই সৰু ব্যৱসায়টো ।

অনন্য নিদৰ্শন, এগৰাকী শিক্ষিত যুৱতীৰ জীৱন সংগ্ৰাম (ETV Bharat)

দিনটোত উপাৰ্জন কৰা এই টকাৰে পৰিয়াল পোহপাল দিয়াৰ সমান্তৰালকৈ তাই উলিয়াইছে নিজৰ পঢ়াৰ খৰচৰ লগতে অন্যান্য খৰচো । ইমানখিনি কৰ্ম ব্যস্ততাৰ মাজতো খুচীয়ে ২০২২-২৩ বৰ্ষৰ জোনাই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাংস্কৃতিক সম্পাদিকাৰ দায়িত্বও পালন কৰিছিল । পঢ়া শুনাৰ সমান্তৰালকৈ খুচীয়ে ভাল পায় সংগীতো ।

চাকৰিৰ প্ৰতি বিশেষ আশা নকৰা খুচীয়ে ব্যৱসায়ৰ জৰিয়তে সময় দিব বিচাৰে পৰিয়ালক । অৱশ্যে প্ৰথমাৱস্থাত খুচীয়ে এই ব্যৱসায়ত বহু সমস্যাৰ সন্মুখীন হৈছিল আৰু বহুতেই ইতিকিঙো কৰিছিল । কিন্তু তেওঁ আনৰ কথাক লৈ অলপো থমকি ৰৈ যোৱা নাছিল । কাৰোবাৰ হিংসা, কাৰোবাৰ প্ৰশংসাক লৈ বহি নাথাকি পুৰুষৰ সমানে সমানে যুৱতীসকলকো ওলাই আহি নিজকে আত্মপ্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনালে জোনাইৰ এইগৰাকী মেধাৱী ছাত্ৰী খুচী দে'ই ।

ABOUT THE AUTHOR

...view details