নগাঁও, ১২ ছেপ্টেম্বৰ :ক্রমাৎ যেন তুংগত উঠিছে কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন আৰু বিজেপি বিধায়ক জিতু গোস্বামীৰ মাজৰ সংঘাত । মাত্ৰ কেইদিন পূর্বে নগাঁৱৰ বৰঘাটত বিজেপিৰ এক দলীয় সভাত বিধায়ক জিতু গোস্বামীয়ে কৰা মন্তব্যৰ পাচতেই আৰম্ভ হৈছিল বিতৰ্কৰ । বিধায়ক জিতু গোস্বামীয়ে হ'বলগীয়া চামগুৰি বিধানসভা সমষ্টিৰ উপ-নির্বাচনক লৈ কৰা মন্তব্যত সংবাদ মাধ্যমৰ সন্মুখত শংকা প্রকাশ কৰি নগাঁও সদৰ আৰক্ষী থানাত মঙলবাৰে এজাহাৰ দাখিল কৰিছিল সাংসদ ৰকিবুল হুছেইনে ।
আনহাতে, এজাহাৰ দাখিল কৰিয়েই বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে সৰৱ হৈ পৰা সাংসদ ৰকিবুল হুছেইনকো মঙলবাৰৰ দিনটোতেই উভতি ধৰিছিল বিধায়ক জিতু গোস্বামীয়ে । ইফালে বুধবাৰে পুনৰ বিধায়ক জিতু গোস্বামীৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিয়ে সাংসদ ৰকিবুল হুছেইনে । বিধায়ক জিতু গোস্বমীয়ে ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি ৰকিবুল হুছেইনৰ মন্তব্য, "তেওঁৰ বিৰুদ্ধে পূর্বেও অপৰাধৰ গোচৰ আছে । সেইবাবেই মই কিছু শংকিত হৈছোঁ ।"