অসম

assam

ETV Bharat / state

হোজাইত সামৰণি পৰিল দুসপ্তাহজোৰা বিকাশ যাত্ৰা

Vikas Yatra Assam: ২৯ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বিকাশ যাত্ৰাৰ সামৰণি পৰিল হোজাইত ৷ দুটা সুপ্তাহ ধৰি চলা বিকাশ যাত্ৰাৰ জৰিয়তে ৰাজ্য চৰকাৰে শিলান্যাস আৰু উদ্বোধন কৰিলে প্ৰায় 24 হাজাৰ কোটি টকাৰ প্ৰকল্পৰ ৷

Vikas Yatra Assam
হোজাইত সামৰণি পৰিল দুসপ্তাহজোৰা বিকাশ যাত্ৰা

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 7:15 PM IST

হোজাইত সামৰণি পৰিল দুসপ্তাহজোৰা বিকাশ যাত্ৰা

হোজাই, 15 মাৰ্চ:ৰাজ্যত ২৯ ফ্ৰেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা বিকাশ যাত্ৰাৰ অংশ হিচাপে হোজাই জিলাত অনুষ্ঠিত শেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জিলাখনত মুঠ ৩৯৫ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ৰাজ্য চৰকাৰে অব্যাহত ৰখা বিকাশ যাত্ৰাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড৹ শর্মাই শুকুৰবাৰে হোজাই জিলাত আঁচনিসমূহৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি কেবাটাও নৱনিৰ্মিত প্ৰকল্প উদ্বোধন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে পুৱা প্ৰায় 11.30 বজাত হেলিকপ্টাৰেৰে হোজাইত উপস্থিত হৈ প্ৰথমে হোজাই চহৰৰ নতুন বজাৰ আৰু পুৰণা বজাৰ সংযোগী নৱনিৰ্মিত উৰণসেতু শুভ উদ্বোধন কৰে ৷

তাৰ পৰা গাড়ীৰে শংকৰদেৱ নগৰৰ এখন বিশাল জনসভাত উপস্থিত হয় ৷ উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে লামডিং আৰু হোজাই সমষ্টিৰ দুই বিধায়ক ক্ৰমে শিবু মিশ্ৰ আৰু ৰামকৃষ্ণ ঘোষ, সদৌ অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হাবিব মহমদ চৌধুৰী, বিজেপিৰ মিত্ৰজোঁটৰ কাজিৰঙা লোকসভা সমষ্টিৰ মনোনীত প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাকে প্ৰমুখ্য কৰি কেবাজনো গণ্যমান্য ব্যক্তি ।

উক্ত কাৰ্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰৰ উন্নয়নমূলক আঁচনি আৰু প্ৰকল্পসমূহৰ ওপৰত মন্তব্য ৰখা পৰিলক্ষিত হয় ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে, লোকসভা নিৰ্বাচনৰ পিচত হোজাই-লামডিঙৰ মানুহক বিনা পইচাত শ্ৰীৰাম চন্দ্ৰৰ ৰাম মন্দিৰ দেখুৱাবলৈ লৈ যোৱা হ’ব ৷ অসমক ৰামৰাজ্য কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ক’তো এতিয়া অশান্তি নাই । দালাল আৰু সুদখোৰৰ পিচত তীৰ, লটাৰী খেলোৱাসকলক চাফা কৰা হ’ব ৷

এইবাৰৰ পৰা মেট্ৰিক পাছ কৰি কলেজৰ নামভৰ্তি কৰা প্ৰতিগৰাকী ছোৱালীক ১০ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰেচনকাৰ্ড থকা প্ৰতিঘৰ মানুহৰ মুৰব্বীগৰাকীৰ নামত চৰকাৰে একোটাকৈ বীমা কৰোৱাব বুলিও মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰে ৷ ৰেচন কাৰ্ড থাকিলে অৰুণোদয়, আয়ুষ্মান ভাৰত, উজ্বলা গেছ আৰু ইঞ্চুৰেন্স পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

উক্ত সভাখনতে বিজেপি মিত্ৰজোঁটৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাক জয়ী কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজক আহ্বান জনায় ।

লগতে পঢ়ক:হোজাইত ৩৯৫ কোটি টকীয়া আঁচনি উদ্ধোধন-আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details