অসম

assam

মঞ্চ-চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱা আৰু নাই - Actress Junu Baruah

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 8:51 PM IST

Actress Junu Baruah passes away : বাণ থিয়েটাৰত অভিনয় জীৱনৰ পাতনি মেলা প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱাৰ বিয়োগ । নটসূৰ্য, কলাগুৰু, মঞ্চকোঁৱৰৰ সান্নিধ্য লাভ কৰিছিল এইগৰাকী অভিনেত্ৰীয়ে ।

Actress Junu Baruah passes away
প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱা (ETV BHARAT ASSAM)

তেজপুৰ, ১২ জুলাই : অসমৰ মঞ্চ আৰু চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনেত্ৰী জুনু বৰুৱা আৰু নাই । জুনু বৰুৱাৰ শুক্ৰবাৰে তেজপুৰৰ বিষ্ণু নগৰৰ বাসগৃহতে পৰলোকপ্ৰাপ্তি ঘটে ৷ বহুকেইখন নাটক তথা চলচ্চিত্ৰত মনপৰশা অভিনয় কৰা অভিনেত্ৰী তথা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ প্ৰাক্তন উপ সভাপতি জুনু বৰুৱা কেইবছৰ মানৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল ।

১৯৬৩ চনত ছাত্রী অৱস্থাতেই প্রয়াত প্রফুল্ল বৰাৰ 'সীমান্তৰ জুই' শীর্ষক নাটকত বাণ থিয়েটাৰত অভিনয় জীৱনৰ পাতনি মেলি নটসূৰ্য ফণী শৰ্মা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ দৰে পুৰোধা নাট্যশিল্পীৰ সান্নিধ্যত তাহানিতেই বহুকেইখন নাটকত অভিনয় কৰিছিল জুনু বৰুৱাই । তেতিয়াৰে পৰা মঞ্চ আৰু চলচ্চিত্ৰৰ এগৰাকী দক্ষ অভিনেত্রী হিচাপে কৃতিত্বৰ পৰিচয় দিবলৈ সক্ষম হোৱা জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নটসূৰ্য ফণী শৰ্মাৰ সৈতে তেওঁৰ পৰিচালনাতে 'এন ইন্সপেক্টৰ কল' নাটকত অভিনয় কৰিছিল । তদুপৰি মঞ্চকোঁৱৰ চন্দ্ৰধৰ গোস্বামীৰ পৰিচালনাত 'নকল হীৰা', প্রয়াত সুজিত সিংহৰ পৰিচালনাত 'নিবাৰণ ভট্টাচাৰ্য্য', 'তিনি পুৰুষ', 'চেনেহৰ চিগা সুঁতি' আৰু 'কুৱলী' নাটকৰ উপৰি প্ৰয়াত প্রফুল্ল বৰাৰ পৰিচালনাত তেজপুৰৰ 'সংগীত নাটকম'ৰ প্ৰযোজনাত অসংখ্য নাটকৰ লগতে বাণ থিয়েটাৰতো বহু নাটকত অভিনয় কৰিছিল ।

তেওঁ ব্ৰজেন বৰুৱা পৰিচালিত 'ডাক্তৰ বেজবৰুৱা'ৰ যোগেদি প্রথম চলচ্চিত্ৰত অভিনয়ৰ পাতনি মেলি পৰৱৰ্তী সময়ত 'দূৰণীৰ ৰং', 'ব'হাগৰ দুপৰীয়া', 'মহাসমৰ', 'ধ্রুৱতৰা', 'ৰিক্সাৱালা' 'পৰিণাম', 'তুমি মোৰ মাঁথো মোৰ', 'সত্যম শিৱম সুন্দৰম', 'পত্নী', 'কৃষ্ণচূড়া', 'আকাশী তৰাৰ কথাৰে', 'জলাঞ্জলী' আৰু 'ৰাগ- বিৰাগ' চিনেমাত অভিনয় কৰিছিল । তদুপৰি বিজু ফুকন পৰিচালিত দূৰদৰ্শনৰ ধাৰাবাহিক 'দেউতা আৰু পত্নী'ৰ লগতে 'মলক গুইন গুইন', 'দলঙৰ সিটো পাৰ নাই', 'ঋতু আহে ঋতু যায়', 'অনেক ফুলৰ সুৰভি', 'প্রতিঘাত', শিৱ ঠাকুৰ পৰিচালিত 'সন্ধ্যাতৰা', 'তৰালী', 'ৰং বিৰং', 'শাহু আই', 'জোঁৱাই', 'ককাইদেউ', 'ৰাজ হাউলীৰ বিৰঙ্গনা', 'বিজয়া', 'উত্তৰণ', 'হনুমানৰ সাধু' আদি ধাৰাবাহিকৰ উপৰি দুখনকৈ হিন্দী ধাৰাবাহিক 'পৰিবাৰ' আৰু 'পৰিৱেশ'তো সাৱলীল অভিনয় কৰি দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ।

বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে মৃত্য়ুৰ আগলৈকে জড়িত হৈ বিশেষকৈ তেজপুৰৰ বাণ থিয়েটাৰকে ধৰি তেজপুৰ জিলা মহিলা সমিতি, বোৱা-কটা সমবায় সমিতি, মৈত্রী সংঘ, সমন্বয় সংঘ, পুষ্পাঞ্জলি মহিলা সংঘ, সদৌ অসম লেখিকা সমাৰোহ সমিতি, তেজপুৰ প্ৰবীণ খেলুৰৈ সন্থা আদিৰ সৈতে জড়িত আছিল । সমাজৰ বিকাশ আৰু উত্তৰণত অহোপুৰুষাৰ্থ কৰি অহাৰ বাবে অভিনেত্ৰী গৰাকীক প্ৰদান কৰা হৈছিল "ভোলা কলিতা সোঁৱৰণী বঁটা' ।

লগতে পঢ়কযোৰহাটৰ কণমানিটিৰ অন্তিম সৎকাৰ সম্পূৰ্ণ : কান্দি কান্দি কেক কাটিলে পিতৃ-মাতৃয়ে - CHILD DEATH IN JMCH

শ্ৰেণীকোঠাত পাঠদানৰ সময়তে ছাত্ৰৰ ছুৰিকাঘাতত নিহত শিক্ষক - Teacher stabbed to death

ABOUT THE AUTHOR

...view details