অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ সহমতত উমৰাংছ'ত অবৈধ কয়লাখনি চলিছিল : মনোজ চৌহান - UMRANGSO COAL MINE TRAGEDY

উমৰাংছ' কয়লাখনিৰ ঘটনাৰ বুজ ল'বলৈ হাফলঙত উপস্থিত AICCৰ নেতা মনোজ চৌহান ।

Umrangso Coal mine tragedy
মুখ্যমন্ত্ৰীৰ সহমতত উমৰাংছ'ত অবৈধ কয়লাখনি চলিছিল (ETV Bharat)

By ETV Bharat Assamese Team

Published : 10 hours ago

Updated : 10 hours ago

হাফলং:উমৰাংছ'কাণ্ডই আজি পাঁচটা দিনত ভৰি দিলে ৷ডিমা হাছাও জিলাৰ উমৰাংছ'ৰ কলামাটিৰ কয়লাখনিত সংগঠিত ঘটনাকলৈ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । একে সময়তে কংগ্ৰেছ দলে অসম চৰকাৰক অবৈধ কয়লাখনিক লৈ বিভিন্ন ধৰণে সমালোচনাও কৰিছে । এইবাৰ এআইচিচিৰ নেতা তথা অসমৰ সহ প্ৰভাৰী মনোজ চৌহানে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰিলে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নিৰ্দেশত উমৰাংছ'ৰ কয়লাখনিৰ ঘটনাৰ বুজ ল'বলৈ আহিল নেতাগৰাকী । হাফলঙত উপস্থিত হৈ বৃহস্পতিবাৰে বিয়লি ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰে কংগ্ৰেছ নেতা মনোজ চৌহানে ।

মুখ্যমন্ত্ৰীৰ সহমতত উমৰাংছ'ত অবৈধ কয়লাখনি চলিছিল (ETV Bharat)
  • মনোজ চৌহানৰ প্ৰতিক্ৰিয়া

তেওঁ কয়, "যোৱা ৬ জানুৱাৰীত উমৰাংছ'ৰ কলামাটিত অবৈধ কয়লা খননৰ বাবে ইমানবোৰ শ্ৰমিকৰ মৃত্যু হৈছে । উচ্চতম ন্যায়ালয়ে অবৈধ খনন আৰু ৰেটহ'ল মাইনিঙত নিষেধাজ্ঞা জাৰি কৰাৰ পিচতো উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ পত্নীয়ে এই অবৈধ কয়লাখনি চলাই আছিল । যাৰ বাবে ইমান শ্ৰমিকৰ মৃত্যু হৈছে ।"

  • মুখ্যমন্ত্ৰীক সমালোচনা

তেওঁ প্ৰশ্ন উত্থাপন কৰে, "উমৰাংছ'ত কি দৰে এই অবৈধ কয়লাখনি চলি আছিল ? কনিকা হোজাইয়ে নিজৰ ইচ্ছা অনুসৰি এই খনি চলাই আছিল নেকি ? ইয়াৰ আঁৰত কোন আছিল ?" মনোজ চৌহানে অসমৰ মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কয়, "এই অবৈধ কয়লাখনিৰ আঁৰত ডাঙৰ চেহেৰা আছে আৰু তেওঁ হ'ল অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীৰ সহমতত এই অবৈধ কয়লাখনি চলাইছিল কনিকা হোজাইয়ে ।"

তেওঁ লগতে কয়, "যিসকলে এই অবৈধ কয়লাখনি চলাই আছে, তেওঁলোকৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে কংগ্ৰেছৰ আন্দোলন অব্যাহত থাকিব । আমি এই ঘটনাটো দিল্লীলৈ লৈ যাম ।"

  • কয়লাখনিত উদ্ধাৰ অভিযান

উল্লেখ্য যে উমৰাংছ'ৰ কয়লাখনিত সেনা, এনডিআৰএফ, এছডিআৰএফসহ প্ৰশাসনৰ উদ্ধাৰ অভিযান এতিয়াও অব্যাহত আছে । ৮ গৰাকী শ্ৰমিক এতিয়া খনিৰ ভিতৰতে আছে বুলি সন্দেহ কৰা হৈছে । ইতিমধ্যে বুধবাৰে এজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । কয়লাখনিত জমা হোৱা পানী নিষ্কাশনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে প্ৰশাসনে । উদ্ধাৰকাৰী দলবোৰত অভিযানত বিভিন্ন কৌশল ব্যৱহাৰ কৰিছে । কিন্তু এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰো সন্মুখীন হৈছে উদ্ধাৰকাৰী দলবোৰ ।

লগতে পঢ়ক :উমৰাংছ' কয়লাখনি ট্ৰেজেডী : উদ্ধাৰকাৰ্যৰ বাবে মহাৰাষ্ট্ৰৰ পৰা অনা হৈছে উচ্চ শক্তিসম্পন্ন পাম্প - ASSAM MINING TRAGEDY

লগতে পঢ়ক :উমৰাংছ' ট্ৰেজেডি : পত্নীসহ দেৱলাল গাৰ্লোচাক গ্ৰেপ্তাৰৰ দাবী বিধায়ক নুৰুল হুদাৰ

Last Updated : 10 hours ago

ABOUT THE AUTHOR

...view details