হাফলং:উমৰাংছ'ৰ তিনি কিলো ক'লামাটি অসম কয়লা খনিৰ পৰা অৱশেষত ৪০ দিন পিছত পাঁচগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম এনডিআৰএফ আৰু এচডিআৰএফ বাহিনী । মঙলবাৰে অসম কয়লা খনিৰ পৰা প্ৰথমতে অভিযান চলাই দুজন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । ইয়াৰ পিছতে বিয়লিৰ ভাগত এনডিআৰএফ বাহিনীয়ে অভিযান চলাই আৰু তিনিগৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে ।
ইয়াৰ পূৰ্বে চাৰি গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হৈছিল । বুধবাৰে অসম কয়লা খনিৰ পৰা উদ্ধাৰ হোৱা ৫ গৰাকী শ্ৰমিকৰ মৃতদেহৰ সৈতে বৰ্তমানলৈ উমৰাংছ'ৰ অসম কয়লা খনিত সন্ধানহীন সৰ্বমুঠ ৯ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।
উল্লেখ্য যে, যোৱা ৬ জানুৱাৰীত উমৰাংছ'ৰ অসম কয়লা খনিত ৯ গৰাকী শ্ৰমিক সন্ধানহীন হৈ পৰিছিল । ইয়াৰ পিচতে এই কয়লা খনিত সন্ধানহীন ৯ শ্ৰমিকৰ ভিতৰত ৪ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰি মাজতে অভিযান বন্ধ ৰাখি ভাৰতীয় নৌসেনা উভতি আহে । কিন্তু এনডিআৰএফ আৰু এচডিআৰএফ বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল । যাৰ ফলত বুধবাৰে সন্ধানহীন আন ৫ গৰাকী শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হয় ।