অসম

assam

ETV Bharat / state

ৰাজ্যৰ উন্নয়নক লৈ সন্তুষ্ট নহয় উজনি অসম সুৰক্ষা পৰিষদ - অসম শিক্ষা সংসদ

Ujoni Asom Suraksha Mancha slams Assam govt : ৰাজ্যখনত হৈ থকা কাম কাজক তীব্ৰ সমালোচনা কৰে মৰাণ উজনি অসম সুৰক্ষা পৰিষদে ৷ খিলঞ্জীয়া লোকক বিনামূলীয়াকৈ ভূমিপট্টা প্ৰদানৰ দাবী ৷

Ujoni asom suraksha mancha slams Assam govt
ৰাজ্যৰ উন্নয়নক লৈ সন্তুষ্ট নহয় উজনি অসম সুৰক্ষা পৰিষদ

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 9:42 AM IST

ৰাজ্যৰ উন্নয়নক লৈ সন্তুষ্ট নহয় উজনি অসম সুৰক্ষা পৰিষদ

মৰাণ, 4 মাৰ্চ : সমাগত লোকসভা নিবাৰ্চন 2024 । এতিয়ালৈ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও সকলো ৰাজনৈতিক দল প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৷ শাসকীয় দলে বিগত দিনসমূহত ৰাজ্যত কৰা উন্নয়নৰ কথা গুণ-গান গোৱাৰ সময়তে ৰাজ্য চৰকাৰৰ কাম কাজক লৈ তীব্ৰ সমালোচনা কৰিছে উজনি অসম সুৰক্ষা পৰিষদে ৷

দেওবাৰৰ সন্ধিয়া পৰ্যন্ত উজনি অসম সুৰক্ষা পৰিষদৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পিচতেই মৰাণত এক গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ নেতৃত্বই । সংগঠনটোৰ সদস্যসকলক লগত লৈ অসম শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ, বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁইয়ে সংবাদমেল সম্বোধন কৰি উজনি অসম সুৰক্ষা পৰিষদৰ কৰ্ম পন্থাৰ বিষয়ে অৱগত কৰে ।

লগতে কয় যে বিজেপি চৰকাৰে উজনি অসমে সৰ্বাধিক বিধায়ক দিছে ৷ কিন্তু উজনি অসমৰ উন্নয়নত চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । গুৱাহাটীত তিনিমাহতে এখন উৰণ সেতু নিৰ্মাণ হয় যদিও উজনিৰ ডিব্ৰুগৰকে ধৰি অন্য জিলাত এখন উৰণ সেতু নিৰ্মাণ হ'লে এটা বছৰত কেৱল এটাহে খুটা নিৰ্মাণ কৰা হয় ।

ইতিমধ্য উজনি অসমৰ বিভিন্ন সমস্যাক লৈ চৰকাৰৰ সৈতে কেবালানিও বেঠক অনুষ্ঠিত হৈছে উজনি অসম সুৰক্ষা পৰিষদৰ ৷ কিন্তু এতিয়ালৈকে চৰকাৰে তেওঁলোকৰ দাবীসমূহক কোনো কাণসাৰ নকৰিলে ৷ অনাগত দিনটো যদি চৰকাৰে এই দাবীসমূহ এনেদৰে আওকান কৰি থাকে তেনেহ’লে তেওঁলোকে সাধ্য অনুসাৰে ৰাজনৈতিকভাৱে চিন্তা কৰিব বুলি সংবাদমেলযোগে জানিবলৈ দিছে ।

সমাগত লোকসভাৰ নিবাৰ্চনত উজনি অসম সুৰক্ষা পৰিষদৰ কোনো ধৰণৰ সক্ৰিয়তা প্ৰদান নকৰে যদিও অহা লোকসভা নিৰ্বাচনত উজনিৰ ৰাইজৰ অধিক লাভৰ বাবে ৰাজনৈতিক যুজঁ দিব বুলি কয় অসম শিক্ষা সংসদৰ প্ৰাক্তন অধ্যক্ষ তথা বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁইয়ে ৷

লগতে পঢ়ক :কংগ্ৰেছক দলক লৈ চিন্তিত মন্ত্ৰী পীযুষ হাজৰীকা, কিন্তু কিয় ?

ABOUT THE AUTHOR

...view details