অসম

assam

ETV Bharat / state

আলফা (স্বাধীন)ৰ লিংকমেনৰ ৰূপত চৰকাৰী বিদ্যালয়ৰ শিক্ষক ! - ULFA I LINKMAN DETAINED

চৰাইদেউ আৰক্ষীয়ে আটক কৰিলে শিক্ষকসহ আলফা (স্বাধীন) ৰ লিংকমেন ৷ সোণাৰি থানাত চলাইছে জেৰা ৷ এমাহতে পাঁচজন আলফা (স্বাধীন) ৰ লিংকমেন জালত পৰিল আৰক্ষীৰ ৷

ULFA I LINKMAN DETAINED
আলফা (স্বাধীন) ৰ লিংকমেন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 27, 2024, 11:26 AM IST

মৰাণ: আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অস্ত্ৰ এৰি আলোচনাৰ মেজলৈ আহিবলৈ আহ্বান জনাই আহিছে অসম চৰকাৰৰ লগতে ৰাজ্যৰ সচেতন ৰাইজে । তেনে সময়ত উজনি অসমত পুনৰ সক্ৰিয় হৈছে আলফা (স্বাধীন) । উজনি অসমৰ চৰাইদেউ জিলাকে ধৰি কেইবাখনো জিলাত আলফা (স্বাধীন) এ ধন দাবী, সদস্য ভৰ্তি অভিযান অব্যাহত ৰখাৰ অভিযোগ উঠিছে । ইফালে আলফা(স্বাঃ)ৰ সামৰিক দিৱসৰ প্ৰাক্ ক্ষণত ৰাজ্যৰ কোনো কোনো স্থানত কূটাঘাত সংঘটিত কৰাৰ আশংকাও প্ৰকাশ কৰা হৈছিল ৷

আলফা (স্বাধীন)ৰ এই কাম-কাজ ৰোধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে । ইয়াৰ মাজতে চৰাইদেউ সোণাৰিৰ সাপেখাতীত আৰক্ষীৰ জালত পৰিছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ লিংকমেন । বুধবাৰে চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষীয়ে আলফা (স্বাধীন)ৰ লিংকমেনৰ সন্দেহত এগৰাকী শিক্ষকসহ দুজন লোকক আটক কৰিছে ৷ আটকাধীন শিক্ষকজন সাপেখাতী ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক জিতু গগৈ আৰু আনজন হাওঁফাওঁৰ গাঁৱৰ মিঠু বৰুৱা বুলি জানিব পৰা গৈছে ।

দুয়োজনেই আলফা (স্বাধীন)ৰ দুধৰ্ষ কেডাৰ অকণ অসমৰ লগত সম্পৰ্ক ৰক্ষা কৰাৰ তথ্য আৰক্ষীয়ে লাভ কৰা বুলি জানিব পৰা গৈছে ৷ অৱশ্যে আটকাধীন আলফা (স্বাধীন)ৰ লিংকমেন দুজনৰ পৰা সংগঠনটোৰ সম্পৰ্কে কেনেধৰণৰ তথ্য লাভ কৰিছে সেই কথা সোণাৰি আৰক্ষীয়ে জানিবলৈ দিয়া নাই ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

অতি উদ্বেগ জনক বিষয়টো হ'ল চৰাইদেউ জিলাত চলিত নৱেম্বৰ মাহতেই পাঁচজনকৈ আলফা (স্বাধীন)ৰ লিংকমেন জালত পৰিছে আৰক্ষীৰ । যোৱা ১২ নৱেম্বৰ তাৰিখে চৰাইদেউত দুজনকৈ আলফা (স্বাধীন)ৰ লিংকমেনক আটক কৰিছিল আৰক্ষীয়ে । ধৃত লিংকমেন দুজন আছিল চৰাইদেউৰ বেলেংবাৰীৰ ৰাজু দে’ আৰু টেঙাপুখুৰী মহন গাঁৱৰ হেমন্ত মহন ।

ইয়াৰ পাছতে ১৫ নৱেম্বৰত চৰাইদেউত আৰক্ষীয়ে আন এজন আলফা (স্বাধীন) ৰ লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছিল । ধৃত লিংকমেনজন চৰাইদেউৰ বৰহাট চকলীয়াৰ ৰুবুল ৰঞ্জন কলিতা ওৰফে ৰঞ্জন অসম বুলি আৰক্ষীয়ে জানিবলৈ দিছিল । এইদৰে চৰাইদেউ জিলাত এজনৰ পিছত আন এজন আলফা (স্বাধীন)ৰ লিংকমেন আৰক্ষীৰ জালত পৰাত চিন্তিত কৰিছে সচেতন ৰাইজক ।

পুনৰ পাঁচ বছৰলৈ নিষিদ্ধ ঘোষণা আলফাক

চৰকাৰৰ সৈতে শান্তিচুক্তি মৰ্মে পূৰ্বৰ আলফা সংগঠনটো আনুষ্ঠানিকভাৱে ভংগ কৰা হয় যদিও পৰেশ বৰুৱাৰ নেতৃত্বত আলফা (স্বাধীন) এতিয়াও সক্ৰিয় হৈ আছে ৷ ইতিমধ্যেই নিষিদ্ধ ঘোষিত এই সংগঠনটোক কেন্দ্ৰীয় চৰকাৰে পুনৰ পাঁচ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰাৰ কথা জানিবলৈ দিছে ৷ কেন্দ্ৰীয় চৰকাৰে ২০২৪ ৰ ২৭ নৱেম্বৰৰ পৰা তাৎক্ষণিকভাৱে পুনৰ পাঁচ বছৰৰ বাবে সংযুক্ত মুক্তি বাহিনী অসম (আলফা)ৰ ওপৰত নিষেধাজ্ঞা বৃদ্ধি কৰিছে । যোৱা ২৫ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক জাননীত এই বিষয়ে উল্লেখ কৰা হৈছে । লগতে ভাৰতৰ পৰা অসম ৰাজ্যক পৃথক কৰাৰ উদ্দেশ্য ঘোষণা কৰা, তেওঁলোকৰ সংগঠনৰ বাবে অহৰহ ভাবুকি আৰু ধন দাবী কৰা, ধন দাবীৰ বাবে আন বিদ্ৰোহী গোটৰ সৈতে সম্পৰ্ক বজাই ৰখাৰ কথা বিবেচনা কৰি এই নিষেধাজ্ঞা বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক:পুনৰ পাঁচ বছৰৰ বাবে দিল্লীয়ে নিষিদ্ধ কৰিলে আলফাক

আলফা (স্বাধীন)ৰ সামৰিক দিৱসত বিস্ফোৰণৰ পৰিকল্পনা ! আই ই ডিসহ আটক দুই আত্মসমৰ্পণকাৰী উগ্ৰপন্থী

ABOUT THE AUTHOR

...view details