মৰাণ, 9 জুলাই: চাৰিওফালে কেৱল পানী আৰু পানী ৷ অভাৱ হৈছে অকণমান ওখ ঠাইৰ ৷ আপোন ঘৰখন হেৰুৱাই শোকত ভাগি পৰিছে বন্যাৰ্ত ৷ শেহতীয়াকৈ ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৰাইজৰ দুৰ্গতিৰ অন্ত হোৱা নাই ৷ এইবোৰৰ মাজতে এইবাৰ খোৱাঙৰ কাৱৈমাৰীত পথৰ ওপৰতে অনুষ্ঠিত কৰা হ’ল এখন বিশেষ শ্ৰাদ্ধ অনুষ্ঠান ৷
ঘৰ, চোতাল সকলো পানীত ডুব গৈ থকা বাবে পথৰ কাষত থকা আশ্ৰয় শিবিৰতে পিতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰে দুই পুত্ৰই । জানিব পৰা মতে, খোৱাং কাৱৈমাৰীৰ তোলেধৰ তামুলী নামৰ লোকজনৰ কিছুদিন পূৰ্বে মৃত্যু হয় ৷ যাৰ বাবে পিতৃৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ সকলোবোৰ আয়োজন কৰিছিল পৰিয়ালৰ লোকে । কিন্তু শেহতীয়া বানত ঘৰ, চোতাল সকলো পানীৰ তলত ডুব যোৱাত উপায়ন্তৰ হৈ পথৰ ওপৰতে পিতৃৰ আদ্যশ্ৰাদ্ধ আয়োজন কৰে দুই পুত্ৰই ।
লগতে পঢ়ক :ভৰসা নাই জনপ্ৰতিনিধিৰ ওপৰত : কলগাছিয়াত ৰাইজৰ শ্ৰমদানেৰে খহনীয়া ৰোধৰ চেষ্টা - Assam Flood 2024
কিন্তু আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা স্থানৰ চাৰিওফালে পানী ৷ সেয়ে শ্ৰাদ্ধলৈ নাৱত আহিব লগা হৈছে ভকতসকল । পিতৃৰ শ্ৰাদ্ধৰ বাবে সকলো আয়োজন কৰিও বানৰ বাবে এইদৰে পথৰ ওপৰত শ্ৰাদ্ধ অনুষ্ঠিত কৰিবলৈ পাই দুখত ভাগি পৰিছে পৰিয়ালটো ।