ধেমাজি, ৯ জুন :সদ্যঘোষিত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (নীট)ত উজলিল ধেমাজিৰ দুই মেধাৱী ছাত্ৰ । বোকাৰ পদুম হৈ জিলিকিল ধেমাজিৰ চিচিবৰ গাঁৱৰ আমগুৰি পঞ্চায়তৰ অন্তৰ্গত ধুনাগুৰি কলিতা গাঁৱৰ গোবিন কলিতা আৰু লক্ষীমাই কলিতাৰ সন্তান দেৱজিৎ কলিতা ৷
তৃতীয়বাৰ নীট পৰীক্ষাত অৱতীৰ্ণ হৈ 546 নম্বৰ লাভ কৰি এমবিবিএছত নামভৰ্তিৰ বাট মুকলি কৰিলে দেৱজিৎ কলিতাই ৷ অভাৱে জুৰুলা কৰা পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী দেৱজিৎ কলিতাৰ পিতৃ কেৰালাত কৰ্মৰত ৷ দেৱজিৎ কলিতাই এজন চিকিৎসক হোৱাৰ সপোন পুহি ৰাখিছিল সৰুৰে পৰা ।
জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিকত সফলতাৰে উত্তীৰ্ণ হোৱাৰ পিছত নীট পৰীক্ষাত প্ৰথম দুবাৰ অৱতীৰ্ণ হৈছিল যদিও মনোবল ভাঙি দিয়া নাছিল দেৱজিতে । তৃতীয়বাৰত নীট পৰীক্ষাত 546 নম্বৰ লাভ কৰি সাফল্য় অৰ্জন কৰাত গাঁওখনৰ ৰাইজ উৎফুল্লিত হৈছে ৷
ইপিনে, আৰ্থিক অনাতনৰ বাবে যাতে ছাত্ৰজনৰ সপোন ভাঙি নাযায় তাৰ বাবে পঢ়াৰ দায়িত্ব বহন কৰিবলৈ আগবাঢ়ি আহিছে চিচিবৰগাঁৱৰ প্ৰতিষ্ঠিত ব্যবসায়ী তথা সমাজ সেৱক নন্দীগিৰি ভূঞা । নন্দীগিৰি ভূঞাই দেৱজিৎ কলিতাৰ সমগ্ৰ শিক্ষা বৰ্ষৰ দায়িত্ব লোৱা বুলি ছাত্ৰজনৰ পৰিয়ালৰ লোকে উল্লেখ কৰিছে ।