অসম

assam

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 1:15 PM IST

ETV Bharat / state

জয়পুৰ চাহ বাগিচাত কলেৰা ৰোগৰ ভয়ংকৰ ৰূপ, দুজনৰ মৃত্যু - Cholera Cases increase in Dibrugarh

Jaipur Tea Estate : ডিব্ৰুগড়ৰ জয়পুৰ চাহ বাগিচাত কলেৰা ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি ৷ দুজনৰ মৃত্যুৰ বিপৰীতে 75 গৰাকী আক্ৰান্ত এই ৰোগত ৷ স্বাস্থ্য বিভাগৰ সজাগতা জাৰি ৷

CHOLERA CASES INCREASE IN DIBRUGARH
কলেৰাত দুজনৰ মৃত্যু (ETV Bharat Assam)

মৰাণ, 14 জুন :ডিব্ৰুগড় জিলাৰ কেইবাখনো চাহ বাগিচাত শেহতীয়াকৈ কলেৰা আৰু ডায়েৰীয়াই ৰোগে ভয়ংকৰ ৰূপ লৈছে ৷ চাহ বাগিচা অধ্যুষিত অঞ্চলসমূহত এজনৰ পাচত আন এজন ৰোগী আক্ৰান্ত হৈছে এই ৰোগত ৷

সম্প্ৰতি নিয়ন্ত্ৰণত পৰিস্থিতি (ETV Bharat Assam)

জিলাখনৰ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ চাহ বাগিচাত চলিত সপ্তাহৰ ভিতৰত 75 গৰাকী লোক কলেৰাত আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে ৷ এই ৰোগত আক্ৰান্ত লোকসকলৰ ভিতৰত ইতিমধ্যে দুজন লোকৰ মৃত্যু ঘটিছে ৷ নিহত লোক দুজনৰ নাম হৈছে ক্ৰমে গৰা জাল আৰু টিংকু কয়া ৷

লগতে পঢ়ক:ডিব্ৰুগড়ত কলেৰাৰ ভয়ংকৰ সংক্ৰমণ - Cholera cases

এই ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বাগিচাখনৰ পৰিচালকে জানিবলৈ দিয়া অনুসৰি, বাগিচাখনৰ দুগৰাকী ব্যক্তি কোনো কামৰ বাবে ওড়িশালৈ গৈছিল ৷ তেওঁলোকে ওড়িশাৰ পৰা অহা ঘূৰি অহাৰ পথত এই ৰোগত আক্ৰান্ত হৈ থকাৰ কথা সদৰী কৰে বাগিচাৰ পৰিচালকগৰাকীয়ে ৷ আক্ৰান্ত ব্যক্তি দুগৰাকীৰ মাজৰ এগৰাকী বিগত 3 জুনত স্থানীয় চিকিৎসালয়ত মৃত্যু ঘটে ৷

মৃত লোকজনৰ বৈদিক সংস্কাৰৰ তিনিদিনীয়া ৰীতি-নীতিত স্থানীয় লোকসকলে অংশগ্ৰহণ কৰাৰ পাছৰে পৰা এজন দুজনকৈ প্ৰায় 75 গৰাকী লোক এই ৰোগবিধৰ দ্বাৰা আক্ৰান্ত হয় ৷ আক্ৰান্ত লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও কিছু পৰিমাণে সুস্থ অনুভৱ কৰাত ঘৰলৈ যাবলৈ দিয়া হয় ৷ সম্প্ৰতি সাতগৰাকী ব্যক্তি চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসা সেৱা গ্ৰহণ কৰি আছে ৷ তাৰে এগৰাকী ভৰ্তি হৈ আছে বাগিচাৰ চিকিৎসালয়ত ৷

লগতে পঢ়ক:কলেৰা-ডায়েৰীয়াৰ প্ৰাদুৰ্ভাৱ : মন্ত্ৰী সঞ্জয় কিষাণৰ বিশেষ পৰ্যালোচনা সভা - Cholera Cases

ইতিমধ্যে জিলা স্বাস্থ্য় বিভাগে ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ৷ আনহাতে, বৃহস্পতিবাৰে এই পৰিস্থিতিৰ বুজ ল’বলৈ জয়পুৰ চাহ বাগিচা চিকিৎসালয়ত উপস্থিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক তৰংগ গগৈ আৰু ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী ৷ দলটোৱে চিকিৎসকৰ সৈতে আলোচনা কৰি যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ প্ৰদান কৰে ৷

লগতে পঢ়ক:টঙনা চাহ বাগিচাত কলেৰাসদৃশ ৰোগত ১১ জনকৈ শ্ৰমিকৰ মৃত্যু - Tangana Tea Estate Tinsukia

ABOUT THE AUTHOR

...view details