টংলা :ওদালগুৰিৰ টংলা দুই ভাতৃক নৃশংসভাৱে হত্যা কৰাৰ ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে তেওঁলোকৰ সতীয়া ভাতৃক আটক কৰি তদন্ত আৰম্ভ কৰিছে ৷ আৰক্ষীয়ে সম্প্ৰতি অপৰাধৰ লগত জড়িত অস্ত্ৰ জব্দ কৰি প্ৰমাণ সংগ্ৰহ কৰি আছে । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে টুইট কৰি এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে, ওদালগুৰিৰ টংলাত শনিবাৰে পুৱা নৈৰ পাৰৰ হাবিৰ মাজত উদ্ধাৰ হয় দুই ছাত্ৰৰ মৃতদেহ । মৃতদেহ দুটা একেটা পৰিয়ালৰে ক্ৰমে পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ আছিল । ইয়াৰ পাছতেই এই নৃশংস হত্যাকাণ্ডক লৈ ৰাজ্যজুৰি তাবী চাঞ্চল্যৰ সৃষ্টি হয় । শুকুৰবাৰৰ পুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল ককাই-ভাই । আন দিনাৰ দৰেই পুৱা ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল গৌৰৱ আৰু কৌশিক নামৰ দুই ভাই ৷ তাৰ পিছৰে পৰা দুয়ো নিৰুদ্দেশ হৈ আছিল ।
নৃশংস ঘটনা
ওদালগুৰিৰ জিলাৰ টংলাৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ৰ পঞ্চম আৰু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ দুই ভাতৃ ক্ৰমে কৌশিক শৰ্মা আৰু গৌৰৱ শৰ্মা নিৰুদ্দেশ হোৱা ঘটনাৰ পিছতে হুৱা-দুৱা লাগে অঞ্চলটোত । দুয়োৰে ঘৰ টংলাৰ যোৰ পুখুৰীত । পুৱা বিদ্যালয়লৈ দুয়োজনে ঘৰৰ পৰা ওলাই আহিছিল যদিও বিদ্যালয় নাপালেগৈ । চলি থকা পৰীক্ষাত দুই ভাতৃক অনুপস্থিত দেখি বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে পৰিয়ালক ফোন কৰি খবৰ লয় । তাৰ পিছতে পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে । বিভিন্ন স্থানত খবৰ লয় যদিও শনিবাৰে পুৱালৈ কোনো সন্ধান ওলোৱা নাছিল দুই ছাত্ৰৰ । শুকুৰবাৰে টংলা আৰক্ষী থানাত পিতৃ-মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে নিশাও ধাৰাবাহিক অনুসন্ধান চলায় ।