অসম

assam

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 6:08 PM IST

ETV Bharat / state

মুছলমান হোৱাৰ বাবেই হত্যা কৰা হ'ল লাওখোৱাৰ দুই ভাতৃক: আমিনুল ইছলাম - Laokhowa encounter

Laokhowa encounter: বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃৰ বাসগৃহত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম । মুছলমান হোৱা বাবেই বনকৰ্মীয়ে তেওঁলোকক গুলীয়াই হত্যা কৰাৰ অভিযোগ । নিহতৰ পৰিয়াললৈ ১০ লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী বিধায়কগৰাকীৰ ।

Laokhowa encounter
মুছলমান হোৱাৰ বাবেই হত্যা কৰা হ'ল লাওখোৱাৰ দুই ভাতৃক:আমিনুল ইছলাম (ETV Bharat)

নগাঁও,২৩ জুন :বনকৰ্মীৰ গুলীত লাওখোৱা অভয়াৰণ্যৰ সমীপৰ জুৰীয়াৰ ধিং বড়ি চাপৰি গাঁৱৰ দুই ভাতৃ ক্ৰমে জলিল উদ্দিন আৰু ছমিৰ উদ্দিনৰ মৃত্যুৰ খবৰে সম্প্ৰতি ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । শুকুৰবাৰে নিশা লাওখোৱা অভয়াৰণ্যৰ বিলত মৎস্য চিকাৰৰ বাবে যোৱাৰ সন্দেহতে বনকৰ্মীয়ে চলোৱা গুলীত দুই ভাতৃৰ মৃত্যু হৈছিল । বিষয়টোক লৈ তীব্ৰ বিতৰ্ক চলি থকাৰ মাজতে ধিঙৰ বিধায়ক আমিনুল ইছলামৰ বিস্ফোৰক মন্তব্য ।

মুছলমান হোৱাৰ বাবেই হত্যা কৰা হ'ল লাওখোৱাৰ দুই ভাতৃক:আমিনুল ইছলাম (ETV Bharat)

মুছলমান হোৱাৰ বাবেই শীতল মস্তিষ্কৰে বনকৰ্মীয়ে দুই ভাতৃক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে আমিনুল ইছলামে । নিহত দুই ভাতৃৰ বাসগৃহত দেওবাৰে উপস্থিত হৈ ভুক্তভোগী পৰিয়ালটোক বিধায়কগৰাকীয়ে সাক্ষাৎ কৰে আৰু নিহতৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে । ইফালে এই ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে এআইইউডিএফৰ বিধায়কগৰাকীয়ে ।

আমিনুল ইছলামে অভিযোগ কৰা মতে মাছ ধৰিবলৈ যোৱাৰ সন্দেহত জুৰীয়াৰ ধিং বড়ি চাপৰিৰ দুই ভাতৃক ৰাজ্য চৰকাৰৰ বনকৰ্মীয়ে শীতল মস্তিষ্কৰে গুলীয়াই হত্যা কৰিছে । লগতে কংগ্ৰেছৰ শাসনকালৰ দৰেই বিজেপি শাসনকালতো ৰাজ্যত মুছলমান হত্যা অব্যাহত থকা বুলিও তেওঁ বিস্ফোৰক মন্তব্য কৰে । কংগ্ৰেছ চৰকাৰৰ শাসনকালত ৰাজ্যৰ বেচিমাৰীৰ পৰা লখিমপুৰলৈ মুছলমান হত্যাৰ এক তালিকাও উল্লেখ কৰি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও মুছলমান হত্যা অব্যাহত ৰখা বুলি অভিযোগ কৰে বিধায়ক আমিনুল ইছলামে ।

লগতে পঢ়ক:বনকৰ্মীৰ গুলীত নিহত দুই মাছমৰীয়া - ENCOUNTER

বিধায়ক ইছলামৰ মতে কংগ্ৰেছৰ শাসনকালত মৰাপাটৰ উচিত মূল্য বিচৰাৰ বাবে দৰঙৰ বেচিমাৰীত ৪ জনক, এন আৰ চি প্ৰসংগত বৰপেটাত ৪ জনক, নামাজ পঢ়ি ঘৰলৈ ওভতাৰ পথত গুৱাহাটীত এজনক আৰু লখিমপুৰত ৯ জনকৈ মুছলমান লোকক গুলীয়াই হত্যা কৰা হৈছিল । পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ আৰ্হিৰেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰেও মুছলমান হত্যা অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰে বিধায়ক ইছলামে ।

লগতে পঢ়ক:প্ৰসংগ: লাওখোৱা অভয়াৰণ্যত গুলীচালনা; তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - CM ON laokhowa INCIDENT

ইফালে পূৰ্বৰ কংগ্ৰেছৰ পৰম্পৰা বন্ধ কৰি ৰাজ্যত মুছলমান হত্যা বন্ধ কৰিবলৈ বিধায়কগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনায় । আনহাতে বনকৰ্মীৰ গুলীত নিহত দুই ভাতৃ ক্ৰমে জলিল উদ্দিন আৰু ছমিৰ উদ্দিনৰ দৰিদ্ৰ পৰিয়ালত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰাৰ কথাও উল্লেখ কৰে বিধায়কগৰাকীয়ে । পৰিয়াল দুটাক ১০ লাখকৈ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰো দাবী উত্থাপন কৰে বিধায়ক আমিনুল ইছলামে । অন্যথা মাছমৰীয়াৰ সন্দেহত বনকৰ্মীৰ গুলীত দুই ভাতৃৰ মৃত্যুৰ প্ৰসংগ ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ লৈ যোৱাৰো হুংকাৰ প্ৰদান কৰে এআইইউডিএফ দলৰ বিধায়ক আমিনুল ইছলামে ।

লগতে পঢ়ক :হত্যাৰ অভিযোগত অভিযুক্ত লাওখোৱা বন বিভাগ: বিধায়ক নুৰুল হুদা - Forest Department Encounter

ABOUT THE AUTHOR

...view details