অসম

assam

ETV Bharat / state

মেঘালয়ৰ মহিলা কৃষকৰ হালধি পালেগৈ কানাডা - Turmeric export to Canada

Turmeric export to Canada: স্বাৱলম্বী হ'ব অসম তথা উত্তৰ-পূৱৰ প্ৰতিগৰাকী মহিলা । কিয়নো বিদেশত সমাদৰ অসম তথা উত্তৰ-পূৱৰ মহিলাৰ । মেঘালয়ত মহিলা কৃষকে উৎপাদন কৰা হালধি কানাডালৈ ৰপ্তানি "মহাবাহু এগ্ৰ' ফাৰ্মাৰ্ছ কপাৰেটিভ ছ'চাইটি লিমিটেডৰ" ।

Turmeric produced by women farmers in Meghalaya exports to Canada
মেঘালয়ৰ মহিলা কৃষকৰ হালধি পালেগৈ কানাডা (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:45 PM IST

গুৱাহাটী,২ জুলাই:কৃষি অৰ্থনীতিত কেৱল পুৰুষেই নহয় মহিলাসকলেও অৱদান আগবঢ়াব পাৰে । কৃষিকৰ্মৰ জৰিয়তে মহিলাসকলে স্বাৱলম্বী হ'ব পাৰে । ইয়াৰ বাবে মাথো প্ৰয়োজন দিকদৰ্শনৰ । এই দিকদৰ্শনৰ বাবে আগবাঢ়ি আহিছে এটা সংগঠন । এই সংগঠনটোৰ ছত্ৰছায়াতে অসম তথা মেঘালয়ৰ বহু মহিলা কৃষকে নিজৰ কৃষি উৎপাদনেৰে দেশ তথা বিদেশত সমাদৰ লাভ কৰিছে লগতে নিজকো স্বাৱলম্বী কৰি তুলিছে । এওঁলোক হৈছে এতিয়া কৃষি বিপ্লৱৰ অংশীদাৰ । এওলোকক পথ প্ৰদৰ্শন কৰিছে "মহাবাহু এগ্ৰ' ফাৰ্মাৰ্ছ কপাৰেটিভ ছ'চাইটি লিমিটেডে" ।

মেঘালয়ৰ মহিলা কৃষকৰ হালধি পালেগৈ কানাডা (ETV Bharat Assam)

প্ৰায় এবছৰ পূৰ্বে ১০ গৰাকী উদ্যোগী মহিলাৰ প্ৰচেষ্টাত গঢ়ি উঠা অসম চৰকাৰৰ পঞ্জীয়নভুক্ত ৰাজ্যিক পৰ্যায়ৰ এই সমবায়খনে অসম তথা উত্তৰ পূৰ্বাঞ্চলত উৎপাদন হোৱা মচলা, মৌ-পালন, কেঁচুসাৰ, বেকাৰী খাদ্য সামগ্ৰী উৎপাদনেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা হাতত লৈছে । সমবায়খনৰ সৈতে ইতিমধ্যে অসমৰ লগতে মেঘালয়ৰ বহু মহিলা কৃষক জড়িত হৈ পৰিছে । শেহতীয়াকৈ মেঘালয়ৰ লাকাডঙত ২০ গৰাকী মহিলা কৃষকে উৎপাদন কৰা হালধি কানাডালৈ ৰপ্তানি কৰিছে ।

এহাজাৰ কিলোগ্ৰাম হালধিৰ গুৰি কানাডালৈ ৰপ্তানি কৰে সমবায়খনে । এই সন্দৰ্ভত মহাবাহু এগ্ৰ' ফাৰ্মাৰ্ছ কপাৰেটিভ ছ'চাইটি লিমিটেডৰ অধ্যক্ষা ঈপ্সিতা বৰুৱাই কয়, "এবছৰ পূৰ্বে আৰম্ভ হোৱা মহাবাহু এগ্ৰ' ফাৰ্মাৰ্ছ ক'পাৰেটিভ ছ'চাইটি লিমিটেডৰ উদ্দেশ্য হৈছে মহিলাসকলক স্বাৱলম্বী কৰা । উত্তৰ পূৰ্বাঞ্চলত কৃষিক্ষেত্ৰত সম্ভাৱনা বহু বেছি । সেয়েহে উত্তৰ পূৰ্বাঞ্চলৰ মহিলা কৃষকসকলক উলিয়াই অনাৰ চেষ্টা চলোৱা হৈছে । আমাৰ প্ৰথম পদক্ষেপ হিচাপে পৰীক্ষামূলকভাৱে মেঘালয়ৰ লাকাডঙৰ এহেজাৰ কিলোগ্ৰাম হালধি কানাডালৈ ৰপ্তানি কৰা হৈছে । পৰৱৰ্তী সময়ত আৰু অধিক হালধি ৰপ্তানি কৰাৰ পৰিকল্পনা আছে ।"

তেওঁ লগতে কয় "আমি হালধিৰ উপৰিও কেঁচুসাৰ মৌ-পালন, বেকাৰীৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰচেষ্টা লৈছো ।" ইফালে মহাবাহু এগ্ৰ' ফাৰ্মাৰ্ছ কপাৰেটিভ ছ'চাইটি লিমিটেডৰ সঞ্চালিকা নাং লাকী গগৈয়ে কয়, "আমি ক্ষুদ্ৰ পৰ্যায়ৰ পৰা চেষ্টা আৰম্ভ কৰিছো । আমি যিদৰে দহগৰাকী মহিলাই আন দহগৰাকী মহিলাক আগুৱাই নিবলৈ চেষ্টা কৰিছো অনাগত সময়ত তেওঁলোকে আন দহগৰাকী মহিলাক আগুৱাই নিবলৈ সক্ষম হ'ব । ইয়াতকৈ ডাঙৰ সফলতা আমাৰ বাবে আৰু একো হ'ব নোৱাৰে । আমি সীমাহীন মহিলা আমাৰ সৈতে জড়িত হোৱাতো বিচাৰো । "

লগতে পঢ়ক:চাৰি হাজাৰ টকাৰে ব্যৱসায় আৰম্ভ কৰা মহিলা আজি লাখপতি - Self Reliant Woman

মন মেলিলেই সকলো সম্ভৱ; নিজ গৃহতেই স্ব-নিয়োজনৰ বাট মোকলাব পৰে মহিলাই - Self Reliant Woman

ABOUT THE AUTHOR

...view details