অসম

assam

ETV Bharat / state

মৰুভূমিক বাসোপযোগী কৰি তোলাৰ লক্ষ টি এম পি কে-ৰ - TMPK tree plantation programme

TMPK tree plantation programme: টি এম পি কেৰ দ্বাৰা আয়োজিত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ চিলাপথাৰ প্ৰেছ ক্লাবৰ ৷ 1600 বিঘা মাটিত অৰণ্য গঢ় দিয়াৰ উদ্দেশ্যৰে টি এম পি কেৰ নেতৃত্বত আৰম্ভ হৈছে এই ডেৰ মাহজোৰা গছপুলি ৰোপণ কাৰ্যসূচী ৷

By ETV Bharat Assamese Team

Published : May 4, 2024, 1:19 PM IST

tree plantation programme by TMPK in Kareng Chapori of  DHEMAJI district
কাৰেং চাপৰিত সংবাদকৰ্মীৰ গছ পুলি ৰোপণ (Etv bharat assam)

কাৰেং চাপৰিত সংবাদকৰ্মীৰ গছ পুলি ৰোপণ (Etv bharat assam)

জোনাই, 4 মে’ :প্ৰকৃতি ৰক্ষাৰ হকে আগবাঢ়ি আহিছে একাংশ সংবাদ কৰ্মী ৷চিলাপথাৰপ্ৰেছ ক্লাবৰ সংবাদ কৰ্মীসকলে শনিবাৰে ধেমাজি জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ কাৰেং চাপৰিত গ্ৰহণ কৰিছে গছপুলি ৰোপণৰ কাৰ্যসূচী ।

উল্লেখযোগ্য যে, 1600 বিঘা মাটিত অৰণ্য গঢ় দিয়াৰ উদ্দেশ্যৰে টি.এম.পি.কেয়ে কাৰেং চাপৰিত অৱস্থিত মিছিং মহোৎসৱস্থলীত বিগত সময়ত ৰোপণ কৰিছিল 1 লাখ গছ পুলি । এইবাৰো একেটা স্থানতে ধৰিত্ৰী দিৱস আৰু শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি টি.এম.পি.কেয়ে গ্ৰহণ কৰিছে ডেৰ মাহজোৰা গছপুলি ৰোপণৰ কাৰ্যসূচী । এই অনুষ্ঠানলৈ সহযোগিতাৰ হাত আগবঢ়াইছে চিলাপথাৰ প্ৰেছ ক্লাবে ৷

ইয়াৰ লগতে, এই কাৰ্যসূচীৰ প্ৰতি ধেমাজি জিলা আৰক্ষী, মিচিং শিল্পী দল, চিলাপথাৰ বিজ্ঞান মহাবিদ্যালয়কে আদি কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানেও সঁহাৰি আগবঢ়াইছে বুলি জানিব পৰা গৈছে । আজি চিলাপথাৰ প্ৰেছ ক্লাৱ আৰু জোনাই প্ৰেছ ক্লাৱৰ বহু কেইগৰাকী সংবাদ কৰ্মীয়ে ৰোপণ কৰে গছপুলি ।

উল্লেখযোগ্য যে, এইবাৰ যিসকল লোকে গছপুলি ৰোপণ কাৰ্যসূচীৰ নেতৃত্ব লৈছে সেইসকলে ৰোপণৰ উপৰিও গছ পুলিটো প্ৰতিপালন কৰি তোলাৰ বাবেও দায়ৱদ্ধ বুলি টি এম পি কেৰ কৰ্মীসকলে জানিবলৈ দিছে ।

অনুষ্ঠানটোত অংশগ্ৰহণ কৰি চিলাপথাৰ জিলা সমিতিৰ সম্পাদক মানস কুলি আৰু ৰঞ্জিত টায়ে কয়, "এই অঞ্চল আছিল এটা সময়ত মৰুভূমি সদৃশ আৰু বৰ্তমান সেউজীয়া পৰিৱেশে বিৰাজ কৰিবলৈ আৰম্ভ কৰিছে ৷ পৰৱৰ্তী সময়ত এই ঠাইডোখৰ অটব্য অৰণ্যলৈ পৰ্যবসিত হৈ ইয়াত বিভিন্ন জীৱকুলৰ বসবাসৰ উপযোগী হৈ উঠিব ।

এই কাৰ্যসূচীত চিলাপথাৰ প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সভাপতি গুণাধৰ দলে ,ভাৰপ্ৰাপ্ত সম্পাদক লবিৰাম বড়ী, মোহন পাংগিং, মহম্মদ নামৰুজ, মনিকান্ত টায়ে, জোনাই প্ৰেছ ক্লাৱৰ সম্পাদিকা কৰবী দলে, গৌতম পেগুৱে অংশগ্ৰহণ কৰে ।

অসমৰ বিভিন্ন প্ৰান্তৰ টি.এম.পি.কেৰ বিষয়ববীয়াৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কৰ্মী, সাংসদ, মন্ত্ৰী, বিধায়কৰ লগতে যাদৱ পায়েঙৰ দৰে প্ৰকৃতি কৰ্মীয়েও এই গছপুলি ৰোপণ কাৰ্যসূচীৰ প্ৰতি সহযোগিতা আগবঢ়াইছিল বুলি উদ্যোক্তাসকলে জনায় ৷ ডেৰ মাহজোৰা গছৰ পুলি ৰোপণৰ এই কাৰ্যসূচীৰ সামৰণি পৰিব 5 জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনা ৷

লগতে পঢ়ক:সোণাৰু-কাঞ্চন-কৃষ্ণচূড়াৰ চতুৰ্থ বৰ্ষপুতি

ABOUT THE AUTHOR

...view details