গুৱাহাটী, ৯ জুন : যান-বাহনৰ গৰাকীলৈ সুখবৰ । ঠাইতে গৈ যান-বাহন বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ হৈছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় । গুৱাহাটীৰ ৫টা সমষ্টি ক্ৰমে দিশপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, গুৱাহাটী চেন্ট্ৰেল আৰু জালুকবাৰীৰ ৬০ টা ৱাৰ্ডৰ পাৰিষদসকলৰ সহযোগত যান-বাহন বিষয়ক বিভিন্ন সমস্যাৰ সমাধান কৰিবলৈ সাজু হৈছে বিভাগ ।
ভাৰতবৰ্ষৰ ভিতৰত প্ৰথমবাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত যান-বাহনৰ গৰাকীয়ে ঘৰতে বহি অৰ্ধশতাধিক সংস্পৰ্শবিহীন সেৱা অনলাইনযোগে লাভৰ সুবিধা পোৱাৰ পিছতো বিভিন্ন কাৰণত এই সেৱা গ্ৰহণ কৰিব নোৱৰাসকলক সহযোগ কৰাৰ লক্ষ্যৰে পৰিবহণ বিভাগে ১০ জুনৰ পৰা বিশেষ ব্যতিক্ৰমী জনসেৱা কাৰ্যসূচী গ্ৰহণ কৰিছে ।
এইক্ষেত্ৰত ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে কয়, "ৰাজ্যৰ পৰিবহণ বিভাগত প্ৰায় সকলো সেৱা সংস্পৰ্শবিহীনভাৱে উপলব্ধ কৰাৰ পিছত যান-বাহনৰ গৰাকীসকলৰ সময় ৰাহি হোৱাৰ উপৰি আৰ্থিকভাৱেও সকাহ পাইছে । কিন্তু বহু ব্যক্তিয়ে কাৰিকৰী অজ্ঞতাৰ বাবে এতিয়াও অনলাইন সেৱা গ্ৰহণ কৰাত অপাৰগতা প্ৰকাশ কৰে । ইফালে বিভিন্ন এৰাব নোৱৰা ব্যস্ততাৰ বাবে বিভাগৰ কাৰ্যালয়লৈ গৈ কৰ-কাটল পৰিশোধ কৰিব নোৱাৰা বাবেও বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰিব নোৱাৰি যাতায়াতৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে ৷"
সেয়ে এনে বিভিন্ন সমস্যা,ওজৰ-আপত্তিৰ তাৎক্ষণিক সমাধানৰ বাবে কামৰূপ মহানগৰ জিলাৰ আটাইকেইটা সমষ্টিৰ ৬০ টাকৈ ৱাৰ্ডৰ সন্মানীয় পাৰিষদসকলৰ উপস্থিতি আৰু সহযোগ সাপেক্ষে ঠাইতে গৈ যান-বাহনৰ গৰাকীৰ সমস্যসমূহ পৰিবহণৰ সহায়কাৰী বিষয়াৰ এটা দলে সমাধান কৰিব বুলি জনাই মহানগৰ জিলা পৰিবহণ বিষয়াগৰাকীয়ে ।