অসম

assam

ETV Bharat / state

পথৰ পৰা বাগৰিল বাহন; শিশুসহ থিতাতে নিহত চাৰিগৰাকী যাত্ৰী - ROAD ACCIDENT IN TINSUKIA

কন্যাৰ বিয়ালৈ আছিল 4 দিন মাত্ৰ, ৰে’ল ষ্টেচনৰ পৰা আলহীক আনিবলৈ গৈ প্ৰাণ হেৰুৱালে পিতৃয়ে ৷ আন তিনিজনৰো মৃত্যু ৷ পঢ়ক সবিশেষ-

ROAD ACCIDENT IN TINSUKIA
পথ দুৰ্ঘটনাত থিতাতে নিহত চাৰিজন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 12, 2024, 10:03 AM IST

তিনিচুকীয়া : মঙলবাৰে পুৱতি নিশা তিনিচুকীয়া বাইপাছত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । পথৰ দাঁতিৰ দ খালত বাগৰি পৰে এখন চাৰিচকীয়া বাহন ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাহনখনত থকা চাৰিগৰাকী লোক আৰু আহত হয় দুগৰাকী মহিলা ৷ জানিব পৰা মতে, নিহত হোৱা যাত্ৰী চাৰিজনৰ ভিতৰত এটি শিশুও আছে ৷

পথৰ কাষত খালত বাগৰিল বাহন

জানিব পৰা মতে, নিহত লোক কেইজনৰ দুজন বৰডুবিৰ আৰু দুজন বিহাৰৰ । AS 06 AA 2583 নম্বৰৰ মাৰুতি চুইফট্‌ বাহনখনেৰে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা তিনিচুকীয়ৰ বৰডুবিলৈ আহি থকাৰ সময়তে পুৱা সংঘটিত হয় পথ দুৰ্ঘটনাটো । তেওঁলোক আহি থকা বাহনখন পথৰ কাষৰ দ খালত বাগৰি পৰে ৷ দুৰ্ঘটনাটোত নিহত লোককেইজন বৰডুবিৰ মহন শ্বাহ, মণ্টু শ্বাহ আৰু বিহাৰৰ অৰ্থ গুপ্তা, ৰাজেশ গুপ্তা ৷

পথ দুৰ্ঘটনাত থিতাতে নিহত চাৰিজন (ETV Bharat Assam)

চাৰি দিন পাছত আছিল কন্যাৰ বিবাহ

তথ্য অনুসৰি, অহা ১৬ নৱেম্বৰত বৰডুবিৰ মহন শ্বাহৰ কন্যাৰ বিবাহৰ দিন ধাৰ্য কৰিছিল আৰু সেই বিবাহ অনুষ্ঠানলৈ বিহাৰৰ পৰা আহিছিল পৰিয়ালৰ লোক । বিহাৰৰ পৰা ৰে’লে ডিব্ৰুগড় ৰে’লৱে ষ্টেচনলৈ আহে মহন শ্বাহৰ পৰিয়ালৰ লোক কেইজন ৷ ডিব্ৰুগড় ৰে’লৱে ষ্টেচনৰ পৰা বৰডুবিৰ ঘৰলৈ এখন চাৰিচকীয়া বাহনেৰে আহি থকাৰ সময়তে সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনাটো । পথৰ কাষতে থকা দ খালত বাগৰি পৰে বাহনখন ৷ ফলত এটি শিশুসহ চাৰিগৰাকীয়ে প্ৰাণ হেৰুৱায় ৷ মহন শ্বাহৰ পৰিয়ালৰ এজন সদস্যই এই কথা জানিবলৈ দিছে ৷

মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ মৃতদেহ

পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে উদ্ধাৰ কৰিছে বাহনখন ৷ সমান্তৰালভাৱে আঘাতপ্ৰাপ্ত পৰিয়ালৰে দুই মহিলাক চিকিৎসালয়ত ভৰ্তি কৰে । এই পথ দুৰ্ঘটনাই সমগ্ৰ পৰিয়ালটোক শোকসাগৰত পেলাই যায় ৷

পূৰ্বেও সেই স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ:

স্থানীয় লোকৰ অভিযোগ অনুসৰি উক্ত স্থানত ইয়াৰ পূৰ্বেও সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা । বাইপাছ পথ নিৰ্মাণৰ সময়ত খন্দা গাঁতসমূহ এতিয়া মৰণফাণ্ডত পৰিণত হৈছে বুলি কয় একাংশ স্থানীয় লোকে ৷ সেই স্থানত থকা কেঁকুৰিটোত এটা কালভাৰ্ট স্থাপন কৰা হৈছিল যদিও কাম সম্পূৰ্ণ নকৰাৰ বাবেই দুৰ্ঘটনা সংঘটিত হৈ থাকে বুলি স্থানীয় লোকে জনাইছে ৷

লগতে পঢ়ক:ভয়ংকৰ দুৰ্ঘটনা: অৰ্ধশতাধিক যাত্ৰীসহ দ খাৱৈত বাগৰিল বাছ; কমেও ৩৬ জনৰ মৃত্যু

বিয়াৰ সাজ পিন্ধা নহ'ল ৰেহানাৰ

ৰাজপথত মৃত্য়ুৰ কিৰিলি, থিতাতেই প্ৰাণ হেৰুৱালে পাঁচ যাত্ৰীয়ে

ABOUT THE AUTHOR

...view details