নলবাৰী, ১৯ আগষ্ট :
"অ' অ' ঢৌ দেখি হালি পৰে গা,
অ'হে গুৰিয়াল,
কাষৰী চাপাই দিয়া নাও ।
নলবাৰীতে গেছিলো জাপি আনিম বুলি,
জাপি নাপে আপী আনলু বিয়া কৰাম বুলি...৷’’
Published : Aug 19, 2024, 11:11 AM IST
নলবাৰী, ১৯ আগষ্ট :
"অ' অ' ঢৌ দেখি হালি পৰে গা,
অ'হে গুৰিয়াল,
কাষৰী চাপাই দিয়া নাও ।
নলবাৰীতে গেছিলো জাপি আনিম বুলি,
জাপি নাপে আপী আনলু বিয়া কৰাম বুলি...৷’’
এনেধৰণৰ খুহুতীয়া নাও গীতৰ মাজেৰে নলবাৰীত দেওবাৰে অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত নাওখেল প্ৰতিযোগিতা । ৰাজ্যত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা অসমৰ অন্যতম ক্ৰীড়া সংস্কৃতি নাওখেলক জীয়াৰ ৰখাৰ প্ৰয়াসেৰে নলবাৰী জিলাৰ দুই নং লোহাৰকাঠাত প্ৰতিবছৰে অনুষ্ঠিত হৈ আহিছে নাওখেল প্ৰতিযোগিতা ।
নৈৰ পানী হ্ৰাস পোৱাত দুই নং লোহাৰকাঠাৰ মাজেৰে বৈ যোৱা পাগলাদিয়া নৈত এইবাৰো অনুষ্ঠিত হয় সদৌ অসম ভিত্তিত নাওখেল প্ৰতিযোগিতা । দেওবাৰে বিয়লি দুই নং লোহাৰকাঠাৰ দ্বীপজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হয় ১৬ সংখ্যক নাওখেল প্ৰতিযোগিতাখন ।
লগতে পঢ়ক :উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ সমূহীয়া মৎস্য চিকাৰ
উক্ত প্ৰতিযোগিতাখনত মুঠ ১১ টা নাওৰ দলে অংশগ্ৰহণ কৰে ৷ এই প্ৰতিযোগিতাত মা ৰূপহী নামৰ দলটোৱে চূড়ান্ত বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । আনহাতে দ্বিতীয় স্থানত থাকে জোনতৰা নামৰ নাওখেলৰ দলটো । নাওখেলৰ প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰ ১২ হাজাৰ আৰু ২ য় পুৰস্কাৰ আছিল ৮ হাজাৰ টকা ।
উল্লেখ্য যে, দুই নং লোহাৰকাঠাৰ দ্বীপজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা নাওখেল চাবলৈ প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় পাগলাদিয়াৰ পাৰত । উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়া মতে, পূৰ্বৰ দৰে এইবাৰো ৫০ হাজাৰ লোকে পাগলাদিয়া নৈৰ দুয়োপাৰে সমগাম হৈ উপভোগ কৰে নাওখেল প্ৰতিযোগিতাখন ।
আনহাতে, নাওখেলৰ মাজতে নাৱৰীয়াৰ গীতেও মোহিত কৰে দৰ্শকক । নাওখেলৰ গীত গাই দুই জ্যেষ্ঠ নাও খেলুৱৈয়ে আমোদ দিয়ে হাজাৰ হাজাৰ লোকক । ইপিনে নাও খেলুৱৈসকলৰ মুখতো গুঞ্জৰিত হয় নাওখেল গীতৰ । মুঠৰ ওপৰত এক আমোদজনক পৰিৱেশৰ মাজেৰে সুকলমে অনুষ্ঠিত হয় দুই নং লোহাৰকাঠাৰ নাওখেল প্ৰতিযোগিতাখন ।
লগতে পঢ়ক :Boating competition: সোণাৰিত পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা