মেষ-আজিৰ দিনটো মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ ৷ ঘৰলৈ আত্মীয় তথা বন্ধুৰ আগমনে এক আনন্দময় পৰিৱেশ প্ৰদান কৰিব ৷ উপহাৰ লাভ কৰিব পাৰে ৷ আৰ্থিক লাভৰো সম্ভাৱনা ৷ যাত্ৰাৰ বাবে সময় অনুকূল ৷ নতুন কোনো কাম আৰম্ভ কৰিব পাৰে ৷ সুস্বাদু খাদ্য ভোজনৰ সুবিধা পাব ৷
বৃষ-দিনটো ক্ষোভ আৰু হতাশাৰে ভৰা হ’ব ৷ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে ৷ পৰিয়ালৰ আৰ্থিক সমস্যাই চিন্তাত পেলাব ৷ উগ্ৰ স্বভাৱৰ বাবে কাৰোবাৰ সৈতে মতানৈক্য হ’ব পাৰে ৷ কষ্টৰ ফল নাপাবও পাৰে ৷ নিজৰ কামসূহ সময়মতে সমাপনৰ চেষ্টা কৰক ৷ খৰচ বৃদ্ধিৰ সম্ভাৱনা ৷
মিথুন-পৰিয়ালত সুখ-শান্তি বৰ্তী থাকিব ৷ ব্যৱসায়ত লাভ ৷ আনৰ পৰা কৰ্মক্ষেত্ৰত সহায় লাভ কৰিব ৷ বিবাহযোগ্য প্ৰাৰ্থীৰ বাবে সময় অনুকূল ৷ বন্ধুৰ পৰা কোনো লাভ হ’ব পাৰে ৷ আয় বৃদ্ধিৰ যোগ ৷ বৈবাহিক জীৱন সুখৰ হ’ব ৷ সন্তানৰ পৰা শুভসংবাদ লাভ ৷
কৰ্কট-আজি ঘৰুৱা কাৰণত সময় আৰু ধন ব্যয় কৰিবলগীয়া হ’ব ৷ ব্যৱসায়ত লাভ ৷ বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম আজি সম্পূৰ্ণ কৰিব পাৰিব ৷ পৰিয়ালত শান্তি বৰ্তী থাকিব ৷ চৰকাৰী কামত লাভ ৷ সন্মান বৃদ্ধি পাব ৷ আৰ্থিক লাভৰ সম্ভাৱনা ৷ পৰিয়ালৰ সৈতে ঘৰৰ পৰা বাহিৰত অৱসৰৰ সময় কটাব পাৰে ৷
সিংহ-আজি কোনো কথা খং উঠিব পাৰে ৷ যিয়ে দিনটো ব্যতিব্যস্ত কৰি ৰাখিব পাৰে আপোনাক ৷ সংঘাতৰ বাবে অশান্তিত ভুগিব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷ কোনো সিদ্ধান্ত লোৱাৰ আগত ভালদৰে চিন্তা কৰিব ৷ ব্যৱসায় আৰু চাকৰিত অসন্তুষ্টি বাঢ়িব পাৰে ৷ আশা কৰা মতে ফল লাভ নকৰিবও পাৰে ৷ ধৈৰ্যৰে দিনটো পাৰ কৰক ৷
কন্যা-আজি কোনো নতুন কাম আৰম্ভ নকৰাটোৱেই ভাল ৷ হাতত থকা কাম সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক ৷ ব্যৱসায়ীৰ বাবে এটা সাধাৰণ দিন ৷ বাহিৰৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক ৷ খং নিয়ন্ত্ৰণত ৰাখক ৷ অধিক ধন ব্যয় হ’ব পাৰে ৷ গোপন শত্ৰুৱে অপকাৰ কৰিব পাৰে ৷ চৰকাৰ বিৰোধী তথা নিয়ম বিৰুদ্ধ কামৰ পৰা নিজক আঁতৰাই ৰাখক ৷ জীৱন সংগীৰ সৈতে মতানৈক্য হ’ব পাৰে ৷