অসম

assam

ETV Bharat / state

চক্ৰবেহু নহয় ! এক বিশেষ উদ্দেশ্য লৈ অধ্যাপকে সাজিলে বটল বেহু - Bottle Behu - BOTTLE BEHU

Reuse of plastic bottles: প্লাষ্টিকৰ ভয়াৱহতাৰ বিষয়ে আমি সকলোৱে জানো ৷ বহুসময়ত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা অনুষ্ঠান চলোৱা হয় যদিও প্লাষ্টিকৰ ব্যৱহাৰ নিতৌ চলি আহিছে ৷ পেলনীয়া প্লাষ্টিকৰ পুনঃব্যৱহাৰৰ চিন্তাৰে এজন অধ্যাপকে সাজি উলিয়ালে বটল বেহু ৷ কি এই বটল বেহু জানো আহক-

Reuse of plastic bottles
এক বিশেষ উদ্দেশ্য লৈ অধ্যাপকে সাজিলে বটল বেহু (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 3, 2024, 11:57 AM IST

তেজপুৰ, 3 অক্টোবৰ: প্লাষ্টিক প্ৰদূষণে আমাৰ পৃথিৱীত ভয়াৱহ সমস্যাৰ সৃষ্টি কৰিছে । মাটিত পোতখাই থকা প্লাষ্টিক অতি কমেও এহেজাৰ বছৰলৈকে একেধৰণেৰে থকাৰ বাবে মাটিৰ উৰ্বৰা শক্তি সম্পূৰ্ণ নাশ কৰাৰ লগতে পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান সৃষ্টি কৰি আহিছে ৷ কিন্তু আধুনিক জীৱন শৈলীত সকলো লোকৰ বাবে প্লাষ্টিকৰ ব্যৱহাৰ আজিও অপৰিহাৰ্য হৈয়ে আছে ।

সেয়েহে এই প্লাষ্টিকৰ সদ্ব্যৱহাৰ কৰিও যে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিব পাৰি, সেই দিশত এক চমৎকাৰ উদ্ভাৱনী শক্তিৰে গান্ধী জয়ন্তী দিনটোত এক নতুন উদ্ভাৱনেৰে তেজপুৰীয়া ৰাইজক চমক দিবলৈ সক্ষম হৈছে এগৰাকী অধ্যাপক ।

অধ্যাপকে সাজিলে বটল বেহু (ETV Bharat)

দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক তথা তেজপুৰত "উদ্ৰোপন "নামেৰে এক অনুষ্ঠানৰ জন্ম দি বিভিন্ন প্ৰান্তত গছপুলি ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰা প্ৰকৃতিপ্ৰেমী তথা পৰিৱেশ কৰ্মী হৰেন্দ্ৰ নাথ মৰাঙে নিজে সংগ্ৰহ কৰা প্লাষ্টিক বটলৰে তৈয়াৰ কৰিছে এক বিশেষ গঁৰাল । যাৰ নাম দিছে তেওঁ ‘বটল বেহু’ ৷

উল্লেখ্য যে একক প্ৰচেষ্টাৰে তেজপুৰৰ বিভিন্ন প্ৰান্তত শাৰী শাৰীকৈ গছপুলি ৰোপণ কৰি সেই পুলিসমূহ ডাঙৰ কৰিবলৈ নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰি আহিছে হৰেন্দ্ৰ নাথ মৰাঙে৷ ৰোপণ কৰা গছপুলি সমূহ গৰু-ছাগলীয়ে যাতে নষ্ট কৰিব নোৱাৰে তাৰ বাবে নিজৰ খৰচেৰে ‘বিৰিখ বেহু’ নিৰ্মাণ কৰাৰ পিছত এইবাৰ পেলনীয়া প্লাষ্টিকৰ পানী বটলেৰে অতি কৌশলপূৰ্ণভাৱে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে ‘বটল বেহু’ ।

এটা গছপুলি সুৰক্ষিতভাৱে বাঢ়িব পৰাকৈ নিৰ্মাণ কৰা একোটা বটল বেহুত প্ৰায় ১৫০ টা আধা লিটাৰৰ পেলনীয়া প্লাষ্টিকৰ পানী বটল ব্যৱহাৰ কৰা হৈছে ৷ এই বিশেষ কৌশলৰ বটল বেহু গান্ধীজয়ন্তীৰ দিনা দেশজুৰি স্বচ্ছতাৰ অভিযান চলি থকাৰ মাজতে নিজে অধ্যাপনা কৰা দৰং মহাবিদ্যালয়ত নিজে ৰোপণ কৰা গছপুলিত সংস্থাপন কৰে প্ৰকৃতিপ্ৰেমী অধ্যাপক হৰেন্দ্ৰ নাথ মৰাঙে ।

দৰংমহাবিদ্যালয়ৰ উপাধ্যক্ষ ড৹ পূৰ্ণানন্দ পাৱেৰ লগতে একাংশ অধ্যাপক আৰু মহাবিদ্যালয়খনৰ একাংশ কৰ্মচাৰীৰ উপস্থিতিত "ৰি ইউজ এণ্ড ৰি চাইকল -ইফ নট ৰিডিউজ প্লাষ্টিক" শীৰ্ষক মন্ত্ৰেৰে স্থাপন কৰা হয় বটল বেহু ৷ সংবাদ মাধ্যমৰ আগত প্ৰকৃতিপ্ৰেমী অধ্যাপকগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকল যাতে ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হয় তাৰ বাবে প্ৰথম পদক্ষেপ হিচাপে মহাবিদ্যালয় প্ৰাংগণতে এই নতুন উদ্ভাৱন সংস্থাপন কৰা হৈছে ।

উল্লেখ্য যে এই বটল বেহুৰ কাষলৈ কিবা কাৰণত যদি গৰু -ছাগলী আহি ইয়াক স্পৰ্শ কৰে তৎক্ষণাত ভয় খাই আঁতৰি যাবলৈ আৰু আগলৈ কেতিয়াও ইয়াৰ কাষ নচপাৰ বাবে কৌশলেৰে প্ৰত্যেকটো বটলত শিলগুটি ভৰাই দিয়া হৈছে ৷ এনে কৰাৰ ফলত ইয়াত স্পৰ্শ হ'লেই ঝনঝননি হয় আতংকিত হৈ গৰু -ছাগলী আঁতৰি পলাই যাবলৈ বাধ্য হয় ৷ এই কৌশলৰ বিষয়েও অধ্যাপক মৰাঙে উপস্থিত সকলোকে বুজাই দিয়ে ।

লগতে পঢ়ক:পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

এজন চৰকাৰী বিষয়াৰ প্লাষ্টিক বিৰোধী আন্দোলন

ABOUT THE AUTHOR

...view details