তিনিচুকীয়া, ১২ অক্টোবৰ:তিনিচুকীয়াৰ এখন বিশেষ আদৰ্শ আৰক্ষী চকী । এই আদৰ্শ আৰক্ষী চকীখনৰ আৰক্ষীক চাবলৈ বিগত দুদিনত আগমন ঘটিছে হাজাৰ হাজাৰ লোকৰ । শাৰদীয় দুৰ্গা পূজাৰ বতৰত কি কাৰণে এইখন বিশেষ আদৰ্শ আৰক্ষী চকীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে সেয়া জানিলে আপুনিও হ'ব আচৰিত ।
আচলতে তিনিচুকীয়াৰ ইয়ং ন-পুখুৰী দুৰ্গা পূজা কমিটীয়ে পূজাৰ মণ্ডপ নিৰ্মাণ কৰিছে আদৰ্শ আৰক্ষী চকীৰূপে । পূজা মণ্ডপে সন্মান প্ৰদৰ্শন কৰিছে সদাব্যস্ত অসম আৰক্ষীক । অসম আৰক্ষীক সন্মান প্ৰদৰ্শনেৰে নিৰ্মাণ কৰা পূজা মণ্ডপে ইতিমধ্যে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে লাভ কৰিছে পুৰস্কাৰ ।
পূজা মণ্ডপলৈ আপুনি প্ৰৱেশ কৰাৰ লগে লগে পথৰ দুয়োকাষে দেখা পাব অসম আৰক্ষীয়ে সদায় ব্যস্ত হৈ থকা প্ৰতিচ্ছবিসমূহ । প্ৰতিচ্ছবিসমূহত প্ৰখৰ ৰ’দত আৰক্ষীয়ে যান-বাহন নিয়ন্ত্ৰণ কৰাৰ লগতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ স্থানত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ দৃশ্য়ও প্ৰদৰ্শন কৰা হৈছে । সমান্তৰালভাৱে চোৰ, ডকাইতৰ লগতে অপৰাধীক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা, কাৰাগাৰত বন্দী কৰি ৰখাৰ দৃশ্য ছবিৰ জৰিয়তে প্ৰদৰ্শন কৰিছে ।