অসম

assam

ETV Bharat / state

প্ৰায় 9 বছৰৰ পাচত জাতিংগাত দৃশ্যমান টাইগাৰ বিটাৰ্ন

Migratory birds Tiger Bittern: জাতিংগালৈ আহিছে হাজাৰ হাজাৰ আলহী পক্ষী ৷ ইয়াৰ মাজতে বহু বছৰৰ পাচত জাতিংগাত দেখা গৈছে বিৰল প্ৰজাতিৰ চৰাই টাইগাৰ বিটাৰ্ন ৷

By ETV Bharat Assamese Team

Published : 4 hours ago

Migratory birds Tiger Bittern
জাতিংগালৈ আহিছে হাজাৰ হাজাৰ আলহী পক্ষী (ETV Bharat Assam)

হাফলং, 17 অক্টোবৰ :অসমৰ অন্যতম পাহাৰীয়া জিলা হৈছে ডিমা হাছাও ৷ এই ডিমা হাছাওৰ এখন বিশেষ ঠাই, নাম জাতিংগা ৷ ই পৰিভ্ৰমী পক্ষীৰ বাবে পৃথিৱী বিখ্যাত ৷ কিন্তু জাতিংগাৰ আছে এক দুৰ্নামো, সেয়া হয়তো সকলোৱে জানে ৷ পক্ষীৰ আত্মহননৰ স্থান বুলি কোৱা হয় জাতিংগাক ৷ কিন্তু আজিলৈকে কোনো বিশেষজ্ঞই ইয়াৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই ৷

পিছে ৰ’ৱ, আজি আমি জাতিংগাৰ বিষয়ে ক’বলৈ লোৱা নাই ৷ আমি ক’বলৈ লৈছো জাতিংগাত পোৱা এবিধ পক্ষীৰ বিষয়ে ৷ প্ৰকৃতিপ্ৰেমীয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় 9 টা বছৰৰ পাচত জাতিংগাত দেখা পোৱা গৈছে এই চৰাইবিধক ৷ এই বিৰল প্ৰজাতিৰ চৰাইবিধৰ নাম টাইগাৰ বিটাৰ্ন (Tiger Bittern) ৷

উল্লেখ্য যে, জাতিংগাৰ পৰা 7 কিলোমিটাৰ দূৰৈত থকা ৰেটজল দহিং গাঁৱত পৰিভ্ৰমী চৰাই বেছিকৈ আহিছে বুলি জানিব পৰা গৈছে ৷ এই কথা ডিমা হাছাও জিলাৰ বন বিভাগে সদৰী কৰিছে । এই পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা দিয়াৰ বাবে জিলাৰ বন বিভাগ তৎপৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে গাঁৱৰ ৰাইজৰ মাজতো সজাগতা সৃষ্টি কৰাৰ বাবে পদক্ষেপ লৈছে ৷ ইয়াৰ উপৰিও এই পৰিভ্ৰমী চৰাইবোৰক কোনেও যাতে ক্ষতি কৰিব নোৱাৰে বা চোৰাং চিকাৰীয়ে চিকাৰ কৰিব নোৱাৰে তাৰ বাবেও প্ৰতি মুহূৰ্ততে সষ্টম হৈ আছে বন বিভাগ ।

আনহাতে, বন বিভাগে উল্লেখ কৰা মতে, প্ৰতি বছৰ ছেপ্টেম্বৰৰ পৰা নৱেম্বৰ মাহলৈকে এই পৰিভ্ৰমী চৰাইবোৰ জাতিংগালৈ আহে । বিশেষকৈ অন্ধকাৰ নিশা আৰু ঘন কুঁৱলীৰ মাজতে দক্ষিণ দিশৰ পৰা উত্তৰ দিশলৈ যোৱাৰ সময়তে এই পৰিভ্ৰমী চৰাই নামি আহে চৰাইৰ বাবে বিখ্যাত জাতিংগালৈ ।

লগতে পঢ়ক :হাজাৰ হাজাৰ পক্ষীৰ কলৰৱত সূৰ্য উদয় হোৱা এখন গাঁও - Migratory birds

লগতে পঢ়ক :আশ্ৰয় ল’বলৈ গছৰ অভাৱ; পক্ষীৰ ভৰ সহিব নোৱাৰি ভাগি পৰিল গছৰ ডাল - Mass Death of Birds in Lakhimpur

ABOUT THE AUTHOR

...view details