অসম

assam

ETV Bharat / state

তেজপুৰ আৰক্ষীৰ জালত আলফা স্বাধীনৰ তিনি সদস্য - ULFA I CADRE ARRESTED

ULFA cadre arrested: পুনৰ সক্ৰিয় হৈছে নেকি আলফা স্বাধীন ? এইবাৰ তেজপুৰ সদৰ আৰক্ষীৰ জালত পৰিল তিনিগৰাকী আলফা স্বাধীনৰ সদস্য । দাবী কৰা ধন নিবলৈ আহোতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিওজনকে ।

Three ULFA (I) members caught in tezpur
আৰক্ষীৰ জালত তিনি আলফা স্বাধীনৰ সদস্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 5:31 PM IST

তেজপুৰ,১৩ জুন: তেজপুৰত ব্যৱসায়ীক ধন দাবী কৰি গ্ৰেপ্তাৰ আলফা স্বাধীনৰ তিনি সদস্য । লখিমপুৰৰ নাওঁবৈছাৰ সঞ্জীৱ বৰুৱা ওৰফে ভাই অসমে দুই সতীৰ্থৰ সৈতে তেজপুৰ মিছন চাৰিআলিৰ এজন ব্যৱসায়ীক দাবী কৰা ধন নিবলৈ আহোতেই বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বৰুৱাৰ লগতে তেওঁৰ পত্নী আৰু এজন লিংকমেনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ।

আৰক্ষীৰ জালত তিনি আলফা স্বাধীনৰ সদস্য (ETV Bharat Assam)

বুধবাৰে গ্ৰেপ্তাৰ কৰা এই তিনি আলফা সদস্যৰ বিষয়ে তেজপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে সদৰী কৰে । বিগত ২০০৯ চনত আলফাত যোগদান কৰা সঞ্জীৱ ২০১৬ চনতো এবাৰ গ্ৰেপ্তাৰ হৈছিল । এক বিশেষ সূত্ৰৰ পম খেদি তেজপুৰ সদৰ আৰক্ষীয়ে সঞ্জীৱ বৰুৱা ওৰফে দাদু ওৰফে ভাই অসমক দাবী কৰা ধন নিবলৈ আহোতে গ্ৰেপ্তাৰ কৰে । লগতে তেঁওৰ পত্নী আৰু স্থানীয় লিংকমেন ভাবেশ কলিতাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ।

আৰক্ষীৰ জালত তিনি আলফা স্বাধীনৰ সদস্য (ETV Bharat Assam)

কলিতা পূৰ্বতে ২০২৩ চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছিল । সঞ্জীৱৰ পত্নীৰ ঘৰ নাগালেণ্ডৰ মোককচাং জিলাৰ চাৰিং গাঁৱত । মন কৰিবলগীয়া যে সঞ্জীৱ বৰুৱা ওৰফে ভাই অসমে ম্যানমাৰস্থিত সক্ৰিয় আলফা স্বাধীনৰ নেতা গজেন্দ্ৰ ওৰফে অনন্ত ওৰফে প্ৰজিতৰ নিৰ্দেশত এই কাৰ্য সংঘটিত কৰিছিল আৰু ম্যানমাৰৰ সক্ৰিয় আলফা সদস্যজনৰ লগত ফোনযোগে সঘনাই যোগাযোগ অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

ভৱেশ কলিতাই তেজপুৰৰ পৰা ম্যানমাৰৰ সদস্যগৰাকীক ফোনৰ ৰিচার্জ আৰু অন্যান্য সামগ্ৰী যোগান ধৰে বুলি আৰক্ষীয়ে সদৰী কৰে । আৰক্ষীয়ে বিগত কিছুদিন ধৰি ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ ওপৰত ধন দাবী আৰু সংগ্ৰহৰ ক্ষেত্ৰত এক বিশেষ দৃষ্টি নিক্ষেপ কৰি আহিছে ।

লগতে পঢ়ক:অইলক সকীয়নি আলফা স্বাধীনৰ : জনালে কেবাটাও দাবী - Oil India Limited

কোনোধৰণৰ যোগসূত্ৰ নাই: কানুবাৰীত আটকাধীন তিনি লিংকমেন সন্দৰ্ভত আলফা (স্বাঃ)ৰ স্পষ্টীকৰণ - ULFA I Linkman Detained

কাণুবাৰীত আলফা স্বাধীনৰ তিনি লিংকমেন আটক - ULFA I linkman detained

ABOUT THE AUTHOR

...view details