মৰাণ, ৪ মে' :সোণাৰিত নিষিদ্ধ ঘোষিত আলফা স্বাধীনক অৰ্থ যোগান ধৰাৰ অভিযোগত তিনিজন লিংকমেনক আটক । অৰুণাচলৰ কানুবাৰীৰ পৰা আছাম ৰাইফলছে তিনিওজনকে আটক কৰি সোণাৰি আৰক্ষীক চমজাই দিয়ে । আটকাধীন লোক কেইজন সোণাৰিৰ টিয়কঘাট আইদেউবাৰী বাগিচা গাঁৱৰ পিতা-পুত্ৰ ক্ৰমে সঞ্জয় দে', সুজিত দে' আৰু নাগালেণ্ডৰ নকজান বস্তিৰ টাজাৱাং কন্যাক বুলি জানিব পৰা গৈছে ।
উল্লেখ্য যে, আলফা স্বাধীনে উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউৰ বিভিন্ন কোম্পানীৰ অধীনস্থ প্ৰায়সমূহ চাহ বাগিচাত বৃহৎ পৰিমাণৰ ধন দাবী কৰি অহাৰ তথ্য ৰাজহুৱা হৈছে । এই দাবী কৰা ধনসমূহ কিছু বিশেষ লিংকমেনৰ জৰিয়তে সংগ্ৰহ কৰি অহা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।
আলফা স্বাধীনৰ এই কাৰ্য বন্ধ কৰাৰ বাবে অসম আৰক্ষী তৎপৰ হোৱা পাচতে চৰাইদেউৰ সীমান্তৱৰ্তী কাণুবাৰীত এইদৰে তিনিটা লিংকমেনক আটক কৰিবলৈ সক্ষম হৈছে আছাম ৰাইফলছে ।