অসম

assam

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক লৈ আহিছে ভাবুকি ! - Desoi Valley Reserve Forest

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:09 PM IST

Desoi Valley Reserve Forest: দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক শ্ৰেণী পৰিৰ্ৱতনৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে বহুজাতিক কোম্পানীক অনুমতি প্ৰদানৰ যো-জা বন বিভাগৰ । বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।

Desoi Valley Reserve Forest
দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক লৈ আহিছে ভাবুকি (ETV Bharat)

যোৰহাট,২৯ আগষ্ট :ইতিমধ্যে অসমৰ বহু সম্পদ চৰকাৰে বণিক গোষ্ঠীক বিক্ৰী কৰিছে । আনকি অসমে বহু সম্পদৰ মালিকীস্বত্ব হেৰুৱাইছে । যাক লৈ অসমত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । তাৰ মাজতে আন এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে ।

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক লৈ আহিছে ভাবুকি (ETV Bharat)

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ প্ৰতি ভাবুকি

এইবাৰ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক শ্ৰেণী পৰিৰ্ৱতনৰ যোগেদি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে বহুজাতিক কোম্পানীক অনুমতি প্ৰদানৰ যো জা চলাইছে বন বিভাগে । বেদান্ত গ্ৰুপ নামৰ এটা বহুজাতিক কোম্পানীয়ে ৰাজ্যৰ বন বিভাগলৈ এই বিষয় সন্দৰ্ভত আবেদন কৰিছে ৷ ইতিমধ্যে ৰাজ্যৰ ফৰেষ্ট এডভাইজৰী কমিটীয়ে ৰাজ্যৰ বন বিভাগৰ পৰা সমগ্ৰ বিষয়টোৰ ওপৰত নিজা লিখিত মতামত বিচাৰি আন এক আবেদন দাখিল কৰিছে । যাক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া আৰম্ভ হৈছে ।

জানিব পৰা মতে অনুমতি পালেই যোৰহাটৰ মৰিয়নীৰ ৩ খন সংৰক্ষিত বনাঞ্চলৰ অন্যতম এই দিচৈ ভেলী বনাঞ্চলৰ ৪৪৮ হেক্টৰ বৃহৎ বন ভূমিক শ্ৰেণী পৰিৰ্ৱতনৰ যোগেদি বহুজাতিক কোম্পানী বেদান্ত গ্ৰুপে উচ্চ প্ৰাৱল্যৰ যন্ত্ৰ ব্যৱহাৰ কৰি তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণ কৰিব ৷

দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলক লৈ আহিছে ভাবুকি (ETV Bharat)

সংকটত হলৌ বান্দৰ

ইফালে দিচৈ ভেলী সংৰক্ষিত বনাঞ্চল হাতী আৰু হলৌ বান্দৰৰ বাবে বিখ্যাত ৷ এনে পৰিস্থিতিত হাতী আৰু হলৌ বান্দৰকে ধৰি বিভিন্ন জীৱ-জন্তুৰ প্ৰতি আহিব পাৰে ভাবুকি । এনে পৰিস্থিতিত বহু সচেতন নাগৰিক আৰু পৰিৱেশ কৰ্মীসকল শংকিত হৈ পৰিছে ।

পৰিৱেশ কৰ্মীৰ আহ্বান

বনাঞ্চলখনক শ্ৰেণী পৰিৱৰ্তন কৰি তেল আৰু প্ৰাকৃতিক গেছৰ বাবে খনন কৰাৰ প্ৰক্ৰিয়াত ক্ষুব্ধ হৈ পৰিছে পৰিৱেশ কৰ্মী জিতু কলিতা । তেওঁ কয় যে বনাঞ্চলখনক শ্ৰেণী পৰিৱৰ্তন কৰি তেল খনন কৰিলে ইয়াত থকা সকলো জীৱ-জন্তু একপ্ৰকাৰ নিঃশেষ হৈ যাব ! সেয়েহে এই কাৰ্যৰ পৰা অসম চৰকাৰক বিৰত থাকিবলৈ তেওঁ আহ্বান জনায় । বিশ্বৰ বিভিন্ন দেশে ভোগ কৰা পৰিণামৰ কথা উল্লেখ কৰি তেওঁ কয় যে উন্নত দেশসমূহে উন্নয়নৰ স্বাৰ্থত প্ৰকৃতি ধ্বংস কৰি আজি অনুধাৱন কৰিবলৈ লৈছে আৰু তেওঁলোকে প্ৰকৃতি সংৰক্ষণৰ ওপৰত গুৰুত্ব দিবলৈ বাধ্য হৈছে ।

লগতে পঢ়ক :বিষাক্ত চকৰিফেঁটী সাপৰ পোৱালি জগাই মেলি দিলে বনাঞ্চলত - Monocled cobra cubs

ABOUT THE AUTHOR

...view details