ডিফু, 11 জুন:মঙলবাৰৰ পুৱাই কাৰ্বি পাহাৰত সংঘটিত এক নৃশংস হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে জোকাৰণিৰ ৷ ডিফুত সংঘটিত হত্যাৰ ঘটনাটো সন্দৰ্ভত পোহৰলৈ আহিছে বহু ন ন তথ্য । শেহতীয়াকৈ জানিব পৰা মতে, হত্যাৰ বলি যুৱতীগৰাকী আছিল বিবাহিতা । এই কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ।
মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সংবাদ মাধ্যমৰ আগত কয়, “মই শুনিব পাইছো যে ডিফুত সোমবাৰৰ নিশা হত্যা কৰা যুৱতীগৰাকী বিবাহিত আছিল । পূৰ্বে এগৰাকী প্ৰাক্তন উগ্ৰপন্থী সদস্যৰ সৈতে যুৱতীগৰাকীৰ বিবাহ হৈছিল যদিও পৰৱৰ্তী সময়ত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে আৰু যুৱতীগৰাকী অকলে থাকিবলৈ লয় ।”
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সমগ্ৰ হত্যাকাণ্ডটোক তীব্ৰ ভাষাৰে গৰিহণা দি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী তুলিছে ।