অসম

assam

ৰাজ্যত বৃদ্ধি পাইছে আধাতে শিক্ষা জীৱন ত্যাগ কৰাৰ ছাত্ৰীৰ হাৰ - Women education in Assam

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 7:19 PM IST

Women education in Assam: ৰাজ্যত আধাতে বিদ্যালয় ত্যাগ কৰা ছাত্রীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । শিক্ষা মন্ত্রণালয়ৰ বিদ্যালয় শিক্ষা বিভাগৰ শেহতীয়া তথ্যত উন্মোচিত অসমত স্ত্রী শিক্ষাৰ শোচনীয় অৱস্থা । অসমত প্ৰাথমিক পৰ্যায়ত শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ হাৰ ৫.২ শতাংশ । সেইদৰে উচ্চ প্ৰাথমিক স্তৰত এই হাৰ ৭.৬ শতাংশ আৰু মাধ্যমিক স্তৰত এই হাৰ ২০.৭ শতাংশ ।

The poor condition of women education in Assam
আধাতে শিক্ষা জীৱন ত্যাগ কৰাৰ ছাত্ৰী (ETV Bharat Assam)

গুৱাহাটী,১৭ আগষ্ট:অসমত শিক্ষাৰ মান উন্নত কৰাৰ লগতে শিক্ষাৰ অধিকাৰৰ পৰা যাতে কোনো বঞ্চিত নহয় তাৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । বিশেষকৈ স্ত্রী শিক্ষাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি আহিছে । কিন্তু তাৰ পাচতো অসম স্ত্রী শিক্ষাৰ ক্ষেত্রত যথেষ্ট পিছপৰি আছে । ছাত্রীয়ে আধাতে বিদ্যালয় ত্যাগ কৰাৰ হাৰ ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ।

শেহতীয়াকৈ শিক্ষা মন্ত্রণালয়ৰ বিদ্যালয় শিক্ষা বিভাগে প্ৰকাশ কৰা তথ্যত অসমত স্ত্রী শিক্ষাৰ শোচনীয় দিশটো পোহৰলৈ আহিছে । বিদ্যালয় শিক্ষা বিভাগে ২০১৯-২০, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ তথ্য প্ৰকাশ কৰিছে । তথ্য অনুসৰি দেশৰ সকলো ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলবোৰৰ ভিতৰত প্ৰাথমিক, উচ্চ প্রাথমিক আৰু মাধ্যমিক স্তৰত অসমৰ স্থান যথেষ্ট নিম্ন । ২০২১-২২ বৰ্ষত ভাৰতত প্ৰাথমিক পৰ্যায়ত শিক্ষা জীৱন সামৰণি পৰা ছাত্ৰীৰ হাৰ ১.৪ শতাংশ ।

উচ্চ প্রাথমিকত এই হাৰ ৩.৩ শতাংশ আৰু মাধ্যমিক পৰ্যায়ত এই হাৰ ১২.৩ শতাংশ । ৰাষ্ট্ৰীয় স্তৰৰ এই হাৰৰ তুলনাত অসম যথেষ্ট পিছপৰি আছে । অসমত প্ৰাথমিক পৰ্যায়ত শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ হাৰ ৫.২ শতাংশ । সেইদৰে মাধ্যমিক স্তৰত এই হাৰ ৭.৬ শতাংশ আৰু মাধ্যমিক স্তৰত এই হাৰ ২০.৭ শতাংশ ।

স্ত্রী শিক্ষাৰ ক্ষেত্রত অসমৰ স্থান :

দেশৰ ৩৭ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত অধিক সংখ্যক ছাত্ৰীয়ে বিদ্যালয় শিক্ষা ত্যাগ কৰা আন পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত অসমৰ নাম আছে । সেই হিচাপত প্ৰাথমিক স্তৰত অসমৰ স্থান ৩১ নম্বৰত । একেদৰে উচ্চ প্ৰাথমিকত অসমৰ স্থান ৩৪ নম্বৰত আছে । মাধ্যমিক স্তৰত অসমৰ অৱস্থা আৰু অধিক বেয়া । এই তালিকাত অসমৰ স্থান ৩৫ নম্বৰত । তথ্যৰ পৰা দেখা গৈছে যে পূৰ্বৰ দুটা বছৰৰ তুলনাত অসমত আধাতে শিক্ষা জীৱন ত্যাগ কৰা ছাত্ৰীৰ হাৰৰ বিশেষ তাৰতম্য নাই ।

প্ৰাথমিক স্তৰত ছাত্রীৰ বিদ্যালয় ত্যাগৰ হাৰ :

২০১৯-২০ বৰ্ষত প্ৰাথমিক স্তৰত অসমৰ ৩.৬ শতাংশ ছাত্রীয়ে বিদ্যালয় শিক্ষা ত্যাগ কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত সেই হাৰ আছিল ২.৩ শতাংশ । আনহাতে ২০২১-২২ বৰ্ষত সেই হাৰ ৫.২ শতাংশলৈ বৃদ্ধি হয় । ২০২২-২৩ বৰ্ষত ৮.০৩ শতাংশ ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰে । ভাৰতৰ প্ৰেক্ষাপটত প্ৰাথমিক স্তৰত ২০১৯-২০ বৰ্ষত ১.২৪ শতাংশ, ২০২০-২১ বৰ্ষত ০.৬৯ শতাংশ আৰু ২০২১-২২ বৰ্ষত ১.৪ শতাংশ ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰে ।

উচ্চ প্ৰাথমিক স্তৰত ছাত্রীৰ বিদ্যালয় ত্যাগৰ হাৰ :

উচ্চ প্ৰাথমিকত ২০১৯-২০ বৰ্ষত বিদ্যালয় এৰিছিল অসমৰ ২.১ শতাংশ ছাত্ৰীয়ে । ২০২০-২১ বৰ্ষত সেই হাৰ ৩.৬ শতাংশলৈ বৃদ্ধি হয় আৰু ২০২১-২২ বৰ্ষত বৃদ্ধি হয় ৭.৬ শতাংশলৈ । আনহাতে ২০২২-২৩ বৰ্ষত সেই হাৰ ৯.২০ শতাংশলৈ বৃদ্ধি পায় । সৰ্বভাৰতীয় স্তৰত উচ্চ প্ৰাথমিকত এই হাৰ হ'ল ক্ৰমে ২.৯৮ শতাংশ, ২.৬১ শতাংশ আৰু ৩.৩১ শতাংশ ।

মাধ্যমিক স্তৰত ছাত্রীৰ বিদ্যালয় ত্যাগৰ হাৰ :

মাধ্যমিক স্তৰত ২০১৯-২০৩ বৰ্ষত ৩২.৯ শতাংশ ছাত্রীয়ে শিক্ষানুষ্ঠান ত্যাগ কৰিছিল । সেইদৰে ২০২০-২১ বৰ্ষত ৩১.৪ শতাংশ আৰু ২০২১-২২ বৰ্ষত ২০.৭ শতাংশ ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰিছিল । আনহাতে ২০২২-২৩ বৰ্ষত ২৯.৯১ শতাংশ ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰে । ভাৰতৰ প্ৰেক্ষাপটত মাধ্যমিকত এই হাৰ হ'ল ২০১৯-২০ বৰ্ষৰ ১৫.০৭ শতাংশ, ২০২০-২১ বৰ্ষত ১৩.৭১ শতাংশ আৰু ২০২১-২২ বৰ্ষত ১২.২৫ শতাংশ ।

আধাতে বিদ্যালয় ত্যাগৰ কাৰণ :

শিক্ষা মন্ত্রণালয়ৰ তথ্য অনুসৰি আধাতে শিক্ষা জীৱন ত্যাগ কৰাৰ মুখ্য কাৰণ হ'ল আৰ্থ-সামাজিক । ইয়াৰ ভিতৰত আছে পৰিয়ালৰ উপাৰ্জন বৃদ্ধিত সহযোগিতা কৰা, পঢ়াত মন নথকা, বিভিন্ন ৰোগত আক্ৰান্ত, দুর্বল স্বাস্থ্য, বিবাহ আৰু শিক্ষা বাধ্যতামূলক নহয় বুলি ভবা অভিভাৱকৰ মনোবৃত্তি । উল্লেখ্য যে শিক্ষা সকলোৰে বাবে উপলব্ধ হোৱাকৈ সমগ্ৰ শিক্ষা ব্যৱস্থা দেশত প্ৰৱৰ্তন কৰা হৈছে । ইয়াৰ অধীনত স্ত্রী শিক্ষাৰ প্ৰসাৰৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে ।

বিনামূলীয়া পাঠ্যপুথি বিতৰণ, কস্তুৰৱা গান্ধী বালিকা বিদ্যালয় স্থাপন, বৃত্তিমুখী শিক্ষা ব্যৱস্থা ৰূপায়ণ আদি এনে আঁচনিৰ অন্যতম । তৎস্বত্ত্বেও স্ত্রী শিক্ষাৰ ক্ষেত্রত অসম যথেষ্ট পিছপৰি আছে । শেহতীয়াকৈ অসম চৰকাৰে স্ত্রী শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি 'মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনি' গ্ৰহণ কৰিছে । অৱশ্যে এই আঁচনিখনে প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু মাধ্যমিক স্তৰক সামৰি নলয় । তথাপিও স্ত্রী শিক্ষাত আঁচনিখনৰ প্ৰভাৱ আছে ।

লগতে পঢ়ক:35 হাজাৰ শিক্ষকৰ নিযুক্তিত স্থগিতাদেশ উচ্চ ন্যায়ালয়ৰ, চাৰি সপ্তাহৰ পিছত পুনৰ শুনানি - RECRUITMENT IN EDUCATION DEPARTMENT

প্ৰৱল বৰষুণকো নেওচি জৰাজীৰ্ণ বিদ্যালয় মেৰামতি কৰিলে টি এম পি কেই - TMPK Repairs Dilapidated School

ABOUT THE AUTHOR

...view details