গুৱাহাটী, ১৬ অক্টোবৰ:পুনৰ হাত দাঙিলে এজন চৰকাৰী বিষয়াই ৷এইবাৰ ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড জনতা ভৱনতে হাত দাঙিলে এজন আবকাৰী বিষয়াই । অভিযুক্ত ঘোচখোৰ আবকাৰী বিষয়াজন পাৰ্থ হাজৰিকা বুলি জানিব পৰা হৈছে ৷ দুৰ্নীতি নিবাৰক শাখাই বুধবাৰে উৎকোচ লোৱা সময়তে হাতে-লোটে কৰায়ত্ত কৰে বিষয়াজনক ।
লগতে পঢ়ক:উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল যোৰহাটৰ ঔষধ পৰিদৰ্শক - Drugs inspector arrested
জানিব পৰা মতে, এজন ব্যক্তিৰ পৰা বাৰৰ লাইচেঞ্চৰ নামত ১ লাখ টকা বিচাৰিছিল বিষয়াজনে । পূৰ্বে ৪০ হাজাৰ টকাৰ উৎকোচ লৈছিল বিষয়াজনে । আজি পুনৰ দিছপুৰ জনতা ভৱনৰ মূল গেটৰ সমীপত ২৪,৫০০ টকা উৎকোচ লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে আটক কৰে পাৰ্থ হাজৰিকাক ।
আবকাৰী বিভাগৰ শাখা অফিচাৰ আছিল পাৰ্থ হাজৰিকা । পাৰ্থ হাজৰিকাৰ ঘৰ নলবাৰী জিলাৰ বৰনৰ্দ্দীত বুলি জানিব পৰা গৈছে । ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰি অধিক জেৰাৰ বাবে পাৰ্থ হাজৰিকাক দুৰ্নীতি নিবাৰকৰ মুখ্য কাৰ্যালয়লৈ লৈ গৈছে ৷ উল্লেখ্য যে, পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল ।