ধুবুৰী:ধুবুৰী: গুৱাহাটীৰ পৰা অহা এছ টি এফ (Special Task Force)ৰ এটা দলে মঙলবাৰে নিশা আৰু বুধবাৰে ধুবুৰী আৰু কোকৰাঝাৰ জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জেহাদী সন্দেহত ৯ জন লোকক গ্ৰেপ্তাৰ কৰে । ধৃত লোককেইজন ক্ৰমে কোকৰাঝাৰৰ নুৰ ইছলাম, মজিবুৰ ৰহমান, হামিদুল ইছলাম, আব্দুল কৰিম, হাকিম আলী মণ্ডল, মজনু শ্বেখ, হাবিজৰ আলী আৰু ধুবুৰীৰ ইনামুল হক বুলি চিনাক্ত কৰা হৈছে ।
জানিব পৰা মতে এছ টি এফৰ দলে মঙলবাৰৰ নিশাৰে পৰা এই অভিযান চলায় ৷ বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি গুৱাহাটীৰ পৰা অহা এছ টি এফৰ দলটো প্ৰথমে কোকৰাঝাৰত উপস্থিত হয় ৷ কোকৰাঝাৰ জিলাৰ জয়পুৰ আৰু খাচিপাৰা-ভদিয়াপাৰাত দলটোৱে অভিযান চলাই জেহাদীৰ সন্দেহত ৮ জন লোকক গ্ৰেপ্তাৰ কৰে ।
কোকৰাঝাৰত অভিযান চলোৱা সময়ত এছ টি এফৰ দলটোৱে ধুবুৰীৰ লগত ইয়াৰ সংযোগ থকাৰ তথ্য লাভ কৰে ৷ তেওঁলোকে লগে লগে কোকৰাঝাৰৰ পৰা আহি ধুবুৰীত উপস্থিত হয় আৰু অভিযান আৰম্ভ কৰে ৷ এছ টি এফৰ দলটোৱে ধুবুৰীৰ পৰা ইনামুল হক নামৰ লোকজন জেহাদীৰ লগত জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰে ৷
গুৱাহাটীৰ বিশেষ এছ টি এফৰ দলটোৱে অভিযানৰ পাছত গ্ৰেপ্তাৰ কৰা জেহাদীকেইটাৰ ৫ টাক নিজৰ জিম্মাত লৈ ধুবুৰীৰ পৰা পুনৰ গুৱাহাটীলৈ ৰাওনা হয় । এই সন্দৰ্ভত বৰ্তমানলৈ আৰক্ষী তথা অভিযানকাৰী দলে কোনো তথ্য সদৰী কৰা নাই ৷ জানিব পৰা মতে অভিযানকাৰী দলটোৱে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:বাংলাদেশী মুছলমানৰ সৈতে অসমত প্ৰৱেশ কৰিছে জেহাদী উগ্ৰপন্থী: বিস্ফোৰণ প্ৰবীণ ভাই টোগাড়ীয়াৰ - Pravin Togadia Assam Visit