অসম

assam

ETV Bharat / state

ডেৰকুৰি নৱজাতকে ৰহন চৰাইছে চিৰিয়াখানাৰ - ASSAM STATE ZOO

নতুন বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাত দেখিবলৈ পাব কেইবাটাও নতুন বন্যপ্ৰাণী ৷

ASSAM STATE ZOO
ডেৰকুৰি নৱজাতকে ৰহন চৰাইছে চিৰিয়াখানাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 14, 2024, 9:23 PM IST

গুৱাহাটী: নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত বন্যপ্ৰাণীপ্ৰেমীৰ বাবে সুখবৰ । অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিলে দেখিব নতুন কেইবাটাও জীৱ-জন্তু । পূৰ্বৰ তুলনাত অসম ৰাজ্যিক চিৰিয়াখানাত বৃদ্ধি পাইছে জীৱ-জন্তুৰ জন্মৰ হাৰ । ২০২৪- ২৫ বিত্তীয় বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাত বৰ্তমানলৈ ৩০ টা বন্যপ্ৰাণীৰ জন্ম হৈছে । আনহাতে ২০২৩-২৪ বৰ্ষত অসম ৰাজ্যিক চিৰিয়াখানাত বিভিন্ন প্ৰজাতিৰ ৩৫ টা পোৱালিৰ জন্ম হৈছিল ।

চলিত বিত্তীয় বৰ্ষত ৰাজ্যিক চিৰিয়াখানাত কিমান বন্যপ্ৰাণীৰ জন্ম হ’ল

ডেৰকুৰি নৱজাতকে ৰহন চৰাইছে চিৰিয়াখানাৰ (ETV Bharat Assam)

অসম ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষক জয়ন্ত গোস্বামীয়ে কয়, "২০২৩-২৪ বৰ্ষৰ তুলনাত এইবাৰ অৰ্থাৎ ২০২৪-২৫ বৰ্ষত বন্যপ্ৰাণীৰ জন্মৰ হাৰ বৃদ্ধি পাইছে । এই বৰ্ষত বৰ্তমানলৈ ৩০ টা বন্যপ্ৰাণীৰ জন্ম হৈছে । আৰু তিনিমাহ বাকী আছে । এই তিনিমাহত বন্যজীৱৰ জন্মৰ সংখ্যা বৃদ্ধি পাব বুলি আশা কৰা হৈছে । এশিঙীয়া গঁড়ৰ এটা পোৱালি, সিংহৰ দুটা পোৱালি জন্ম হোৱাৰ লগতে মুঠ ৩০ টা পোৱালিয়ে এইবৰ্ষত জন্ম পাইছে । আনহাতে বিগত বৰ্ষত অৰ্থাৎ ২০২৩-২৪ ত বাঘ, সোণালী বান্দৰ, জিৰাফ, নীলগাই, কৃষ্ণ ষাঁড়, কেটেলা পহুকে মুঠ ৩৫ টা বন্যপ্ৰাণীৰ জন্ম হৈছিল ।

লগতে পঢ়ক:চিৰিয়াখানাৰ পৰিয়ালটো ডাঙৰ হ’ল, নতুনকৈ কোন কোন আহিল ? - Assam State Zoo

বন্যপ্ৰাণীবোৰক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ চিৰিয়াখানাত কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে

জয়ন্ত গোস্বামীয়ে কয় ,"শীত অহাৰ লগে লগে বন্যপ্ৰাণীবোৰক ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে পিঞ্জৰাত হিটাৰৰ ব্যৱস্থা কৰা হৈছে । যিবোৰ বন্যপ্ৰাণীৰ নোম কম সেইবোৰ বন্যপ্ৰাণীৰ ঠাণ্ডা বেছি । সেইবোৰ বন্যপ্ৰাণীক ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ হিটাৰৰ ব্যৱস্থা কৰাৰ লগতে চৰাইৰ সজাত নিয়ৰ নপৰিবলৈ আৰু বতাহৰ পৰা বচাবলৈ প্লাষ্টিকসদৃশ সামগ্ৰীৰে ৰাতি ঢাকি দিয়া হয় । তদুপৰি মাটিৰ ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈও ব্যৱস্থা গ্ৰহণ কৰা হৈছে । বিশেষকৈ নতুনকৈ জন্ম হোৱা বন্যপ্ৰাণীবোৰৰ ক্ষেত্ৰত বিশেষ যত্ন ল’ব লগা হৈছে ।

ৰাজ্যিক চিৰিয়াখানাত পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা

অসম ৰাজ্যিক চিৰিয়াখানাত দিনে দিনে পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে । এই সন্দৰ্ভত অসম ৰাজ্যিক চিৰিয়াখানাৰ সহকাৰী বন সংৰক্ষকগৰাকীয়ে কয়, "অসমৰ বিভিন্ন অঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ উপৰি বিদেশৰ পৰাও ৰাজ্যিক চিৰিয়াখানালৈ পৰ্যটক আহে । বিশেষকৈ মেঘালয়, অৰুণাচল, পশ্চিমবংগৰ পৰ্যটক অধিক আহে । চিৰিয়াখানাখনত জিৰাফ, জেব্ৰা , ওৰাং ওটাং আদিকে ধৰি নতুন নতুন বন্যপ্ৰাণী অহাৰ বাবে পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছে । বিশেষকৈ পূজাৰ পিছৰে পৰা মাৰ্চ মাহলৈ চিৰিয়াখানাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পায় ।

লগতে পঢ়ক:ৰাজ্যিক চিৰিয়াখানাৰ পৰিয়াল ডাঙৰ হ’ল: জন্ম হ'ল মেণ্ডাৰিন হাঁহৰ পোৱালি - Assam State Zoo

চিৰিয়াখানাৰ বন্যপ্ৰাণীবোৰক কি কি খাদ্য দিয়া হয়

চিৰিয়াখানাৰ বন্যপ্ৰাণীবোৰক মাংসৰ লগতে ঘাঁহ, গছৰ পাত দিয়া হয় । চিৰিয়াখানাৰ মুখ্য বন্যপ্ৰাণী পালক ৰজনীকান্ত ডেকাই কয়, "অসম ৰাজ্যিক চিৰিয়াখানাত ৪০ টা প্ৰজাতিৰ জীৱ-জন্তু আছে । চিৰিয়াখানাত প্ৰতিদিনে প্ৰায় আঢ়ৈ কুইন্টল মাংসৰ প্ৰয়োজন হয় । আনহাতে তৃণভোজী বন্যপ্ৰাণীবোৰক গছপাত, বুট- মগু, মাকৈ, ঘেঁহু, চাউলৰ গুৰি, দলঘাঁহ আদি দিয়া হয়, যাৰ বাবে প্ৰতিদিনে চিৰিয়াখানাত ৪৭ কুইণ্টল দলঘাঁহ, ৭০ কুইন্টল গছপাতৰ প্ৰয়োজন হয় । প্ৰতিদিনে প্ৰতিটো বাঘ আৰু সিংহক ১২ কিলোগ্ৰামকৈ মাংসৰ প্ৰয়োজন হয় । প্ৰতিটো হেপাক ৫০০ গ্ৰাম, প্ৰতিটো ঘোঙক ৪ কিলোগ্ৰাম, প্ৰতিটো নাহৰফুটুকীক ৪ কিলোগ্ৰাম, প্ৰতিটো শিয়ালক ডেৰ কিলোগ্ৰাম, প্ৰতিটো হাইনাক ২ কিলোগ্ৰাম আৰু প্ৰতিটো শগুনক ৫০০ গ্ৰাম মাংসৰ প্ৰয়োজন হয় ।

ABOUT THE AUTHOR

...view details