তেজপুৰ, ২৫ জুলাই:আপুনি চীনা মান্দাৰীন ভাষা শিকিবলৈ বিচাৰিছে নেকি বা চীনা ভাষাত জ্ঞান আহৰণ নকৰাৰ বাবে কৰ্মক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে নেকি ? তেতিয়া হ’লে চিন্তা নকৰিব, এতিয়াৰ পৰা সকলোৱে এই ভাষাৰ জ্ঞান আহৰণ কৰিব পাৰিব । তেজপুৰ বিশ্ববিদ্যালয়ত এতিয়াৰে পৰা সকলোৰে বাবে উপলব্ধ হ’ল চীনা ভাষাৰ জ্ঞান আহৰণ কৰাৰ চাৰিবছৰীয়া ডিগ্ৰী পাঠ্যক্ৰম । বৰ্তমান যথেষ্ট সংখ্যক লোকে আবেদন কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ত এই ভাষাৰ পাঠ্যক্ৰমৰ বাবে ।
চীনা ভাষাৰ ডিগ্ৰী পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত (ETV Bharat Assam) তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত এই পাঠ্যক্ৰম সকলোৰে বাবে মুকলি হোৱাৰ কথা জানিবলৈ দিয়ে । তেওঁ লগতে বহু সংখ্যক লোকে অহা ২০২৪-২৫ বৰ্ষৰ বাবে আবেদন কৰাৰ কথাও ব্যক্ত কৰে । ২০২৩ বৰ্ষৰ এপ্ৰিল মাহত বিশ্ববিদ্যালয়খনে সেনাৰ মুখ্য কাৰ্যালয় ৪ কৰ্পছৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ ২০২৩ বৰ্ষত বিশ্ববিদ্যালয়খনে প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাৰ জোৱানসকলক চীনা ভাষাত প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে ।
২০২৩ বৰ্ষৰ এপ্ৰিল মাহত বিশ্ববিদ্যালয়খনে সেনাৰ মুখ্য কাৰ্যালয় ৪ কৰ্পছৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে ৷ সেনা জোৱানসকলক চীনা ভাষাৰ মৌলিক পাঠ্যক্ৰম প্ৰদান কৰি চাৰিটা প্ৰয়োজনীয় ভাষাৰ দক্ষতা বিকাশৰ বাবে অৰ্থাৎ মাধ্যম পৰ্যায়ৰ শুনা, কোৱা, পঢ়া আৰু লিখা বিষয়ৰ ওপৰত গুৰুত্ব দিয়াটোৱেই প্ৰধান উদ্দেশ্য আছিল । এই শিক্ষাগ্ৰহণ কৰি সেনা-বাহিনীৰ লোকসকল যথেষ্ট পৰিমাণে উপকৃত হৈছে বুলি উপাচাৰ্য প্ৰফেছৰ শম্ভু নাথ সিঙে উল্লেখ কৰে । বৰ্তমান এই পাঠ্যক্ৰম নতুন শিক্ষানীতিৰ অধীনত ৪ বছৰীয়া ডিপ্ল'মা পাঠ্যক্ৰম হিচাবে বিবেচিত হৈছে ।
পূৰ্বতে সেনা বাহিনীৰ লোকসকলৰ বাবে এবছৰৰ আৰু ছমাহৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰা হৈছিল । এই শিক্ষাগ্ৰহণ কৰি সেনাবাহিনীৰ লোকসকলে সীমান্তত বিভিন্ন মেছেজ দিকোড কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে সফল হৈছে বুলি তেওঁ কয় । উপাচাৰ্য প্ৰফেছৰ সিঙে লগতে শীঘ্ৰে বিশ্ববিদ্যালয়ত স্পেনিছ ভাষাৰ এক বিভাগ সংযুক্ত হ’ব বুলি জানিবলৈ দিয়ে । প্ৰফেছৰ সিঙে অলপতে স্পেইন ভ্ৰমণ কৰাৰ সময়ত ৫০ খন বিশ্ববিদ্যালয়ৰ লগত সম্পৰ্ক কৰাত তেওঁলোকে অসমৰ লগতে ভাৰতবৰ্ষত স্পেনিছ ভাষাৰ শিক্ষণক লৈ উৎসাহ প্ৰদান কৰে ৷
লগতে পঢ়ক:কোন সঁচা কোন মিছা : ম্লান পৰিব নেকি কমল দুৱৰা মহাবিদ্যালয়ৰ গৰিমা ! - Dergaon Kamal Dowerah College