মঙলদৈ, ২৭ জুলাই:মঙলদৈৰ নিকটৱৰ্তী বৰঙাবাৰী হাইস্কুলত শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা আৰ এছ এছৰ দৰং জিলা সমিতিৰ বৰ্গ কেম্পত যোৱানিশা বিকাশ দাস নামৰ এজন ১৭ বছৰীয়া কিশোৰৰ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্য়ু হোৱাক কেন্দ্ৰ কৰি শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই কিশোৰজন বৰঙাবাৰী হাইস্কুলৰে শিক্ষাৰ্থী আছিল ।
কেনেকৈ সংঘটিত হৈছিল ঘটনাটো:
এজন স্থানীয় লোকে এই সন্দৰ্ভত কয়," শুক্ৰবাৰে সন্ধিয়া ৭ মান বজাত কেম্পৰ কাম-কাজ সমাপ্ত কৰি বিদ্যালয়খনৰে দমকলত হাত-মুখ ধুবলৈ গৈছিল বিকাশ দাসে । সেই সময়তে দমকলটোত সংযোগ হৈ থকা মটৰটোৰ বিসংগতি হোৱাত বিকাশ দাস অচেতন হৈ পৰে । লগে লগে কিশোৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । " ৰাইজে আজি এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয়," দুই বছৰ আগৰে পৰা দমকলটোত সংযোগ হৈ থকা মটৰটোৰ বিসংগতি হৈ আছিল ।"
"এই লৈ মৃত কিশোৰ বিকাশ দাসে বিদ্যালয় প্ৰধানক পূৰ্বতে অভিযোগ দিছিল । কিন্তু বিদ্যালয় প্ৰধানে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিকাশক আনকি এই অভিযোগৰ বাবে বিদ্যালয় চৌহদতে কানত ধৰাই আঠু কঢ়াইছিল ।" আজি একাংশ লোকে এই বুলি অভিযোগ উত্থাপন কৰে ।