নলবাৰী:সময় চক্ৰৰ হিচাপ ৰখা এক পদ্ধতি হৈছে কেলেণ্ডাৰ । কেলেণ্ডাৰৰ পাততেই লুকাই থাকে সোঁৱৰণী । ডিজিটেল মাধ্যমৰ গ্ৰাসত ক্ৰমাৎ হিচাপ ৰখাৰ পদ্ধতি সলনি হ'লেও কেলেণ্ডাৰ গুৰুত্ব আজিও হ্ৰাস পোৱা নাই । মোবাইলত সময়, তাৰিখ চালেও সকলোৱে কিন্তু অন্তিম ক্ষণত কেলেণ্ডাৰখনত চকু ফুৰাইহে নিশ্চিত হয় । ইয়াৰ মাজতেই নলবাৰীৰ এজন গণিত শিক্ষকে প্ৰস্তুত কৰি উলিয়ালে এখন বিশেষ কেলেণ্ডাৰ ।
নলবাৰীৰ বাটসৰ বালা চুবুৰীৰ গণিত শিক্ষক ৰণজিৎ শৰ্মাই প্ৰস্তুত কৰি উলিয়াইছে এখন ডেৰশ বছৰীয়া কেলেণ্ডাৰ । আমি প্ৰত্য়েকেই জানো বা ব্যৱহাৰ কৰো এবছৰীয়া কেলেণ্ডাৰ ৷ য'ত মাহ, বাৰ আৰু তাৰিখৰ লগতে বন্ধ সময়সূচী সহজ চাব পাৰি । কিন্তু ৰণজিৎ শৰ্মাৰ এই কেলেণ্ডাৰখন অলপ ব্যতিক্ৰম ।
ডেৰশ বছৰীয়া কেলেণ্ডাৰ প্ৰস্তুত কৰা শিক্ষক (ETV Bharat Assam) তেওঁ এজন গণিত শিক্ষক । সেয়েহে গণিত পদ্ধতিৰে প্ৰস্তুত কৰি উলিয়াইছে এই ডেৰশ বছৰীয়া কেলেণ্ডাৰখন । হাতেৰে অথবা যিকোনো শিকন পদ্ধতিৰে নুবুজালে বুজি নাপাব কেলেণ্ডাৰখনত তাৰিখ আৰু বাৰ চোৱা পদ্ধতি । এক জ্যামিতিক পদ্ধতিৰ আৰ্হিত বছৰৰ লগত মিলাই থোৱা সংখ্যা নিৰ্ণয় কৰি আকৌ সেই সংখ্যাৰ ঘৰৰ উপস্থাপনেৰে উলিয়াব লাগে আপুনি বিচৰা বাৰটো ।
পেচাত এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ শিক্ষক ৰণজিৎ শৰ্মা । উল্লেখযোগ্য যে সৰুৰে পৰা গণিত বিষয়ত আগ্ৰহী আছিল ৰণজিৎ শৰ্মা । তেওঁ সৰুৰে পৰাই গোটেই দিন গণিত পদ্ধতিৰে সকলো কাম কৰি ভাল পাইছিল । নৱবৰ্ষৰ প্ৰাকক্ষণত তেওঁৰ এই বিশেষ ডেৰশ বছৰীয়া কেলেণ্ডাৰখনক লৈ সকলোতে চলিছে চৰ্চা । উল্লেখযোগ্য যে এই কেলেণ্ডাৰখন ৰণজিৎ শৰ্মাই প্ৰস্তুত কৰোতে সময়ো লৈছিল যথেষ্ট । তথাপি কেলেণ্ডাৰখন সম্পূৰ্ণ কৰাৰ লক্ষ্য হাতত বান্ধি লৈছিল । অৱশেষত তেওঁ সফলো হয় ।