অসম

assam

ETV Bharat / state

শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল দুলীয়াজানৰ জুটুলীবাৰী চাহ বাগিচা - Tea estate labour protest - TEA ESTATE LABOUR PROTEST

Tea estate labour protest: শ শ চাহ শ্ৰমিকৰ প্ৰতিবাদত উত্তাল হ'ল দুলীয়াজানৰ জুটুলীবাৰী চাহ বাগিচা ৷ বাগিচাখনত বৃটিছ শাসন চলোৱাৰ অভিযোগ চাহ শ্ৰমিকৰ ৷ বাগিচাৰ উপ-পৰিচালকে দীৰ্ঘদিনৰ পৰা শ্ৰমিকসকলক ভয়-ভাবুকিৰে কৰ্ম সম্পাদন কৰোৱাৰ অভিযোগত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ ৷

Tea estate labour protest
জুটুলীবাৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 9:17 PM IST

জুটুলীবাৰী চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ

ডিব্ৰুগড়, 30 মাৰ্চ: পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো সমস্যাৰ ওৰ পৰা নাই চাহ শ্ৰমিকৰ । প্ৰতিদিনে নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগা হৈছে চাহ শ্ৰমিকসকলে । কম মজুৰিত কাম কৰি জীৱন চলাই ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ অৱদান আগবঢ়াই অহা চাহ-বাগিচাৰ শ্ৰমিকে প্ৰতিটো দিনতে জীৱনৰ নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে । ফলত শনিবাৰে দুলীয়াজানৰ জুটুলীবাৰী চাহ-বাগিচাত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে চাহ-বাগিচাৰ শ্ৰমিকসকলে ।

বাগিচাখনত বৃটিছ শাসন চলোৱাৰ অভিযোগ চাহ শ্ৰমিকৰ । জুটুলীবাৰী চাহ-বাগিচাৰ উপ-পৰিচালক দিবাকৰ ৰায়ে দীৰ্ঘদিনৰ পৰা শ্ৰমিকসকলক ভয়-ভাবুকিৰে কৰ্ম সম্পাদন কৰোৱাই আহিছিল । এই সন্দৰ্ভত বাগিচাৰ শ্ৰমিকসকলে জুটুলীবাৰী চাহ-বাগিচাৰ কৰ্তৃপক্ষক বাৰম্বাৰ আবেদন-নিবেদন জনাই আহিছে যদিও আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । ইয়াৰ পৰিপ্ৰেক্ষিতত শনিবাৰে বাগিচাৰ শ্ৰমিকসকলে কৰ্ম বিৰতি ঘোষণা কৰি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰে ।

ইফালে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদস্থলীত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয় । বাগিচাৰ পৰা উপ-পৰিচালক দিবাকৰ ৰায়ক বদলি নকৰা পৰ্যন্ত শ্ৰমিকসকলে অনিৰ্দিষ্টকালীন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও হুংকাৰ দিয়ে । চাহ-বাগিচাৰ শ্ৰমিকসকলে জানিবলৈ দিয়া অনুসৰি বাগিচাৰ শ্ৰমিকৰ সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কেৱল কাম আদায় কৰাৰ নামত শ্ৰমিকক নিৰ্যাতন চলাই আহিছে বাগিচাৰ উপ-পৰিচালক দিবাকৰ ৰায়ে । আনকি গৰ্ভৱতী মহিলা শ্ৰমিককো কাম কৰিবলৈ বাধ্য কৰাইছে । ফলত এইদৰে বাগিচাখনৰ শ্ৰমিকসকলে আজি প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক:চাহ বাগিচা উচ্ছেদৰ বিৰোধিতাৰে সদৌ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details