গুৱাহাটী:টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদানৰ দাবীত টাই আহোম জনগোষ্ঠীৰ যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে শনিবাৰে দিছপুৰত 'জনতা ভৱন ঘেৰাও' কাৰ্যসূচী ৰূপায়ণ কৰে ।
টাইপাৰ সভাপতি দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি ভৃগু হাতীমূৰীয়া, যুটীয়া সম্পাদকদ্বয় দ্বীপজ্যোতি দুৱৰা আৰু শোভন কোঁৱৰৰ নেতৃত্বত অসমৰ বিভিন্ন জিলাৰ পৰা অহা পাঁচ শতাধিক সদস্যই 'ন' এছ টি ন' ৰেষ্ট', 'জাগিছে আহোম জাগিবই, জনজাতিকৰণ আমাক লাগিবই', 'বিজেপি গ' বেক', 'নৰেন্দ্ৰ মোদী মিছলীয়া, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই' ইত্যাদি শ্ল'গানেৰে দিছপুৰৰ পৰিৱেশ উত্তাল কৰি তোলে ।
জনতা ভৱন ঘেৰাও কাৰ্যসূচীত অংশগ্রহণ কৰি টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে কয়,"বিজেপিয়ে বিগত ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়তে টাই আহোমকে ধৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ যি প্রতিশ্রুতি প্রদান কৰিছিল যদিও আজিকোপতি তাক পূৰণ নকৰিলে । জনজাতিকৰণৰ ক্ষেত্রত প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী অমিত শ্বাহ, প্রাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই জনজতিকৰণৰ নামত কেৱল মিছা মাতিলে । হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২০১৯ চনতে জনজাতিকৰণ সন্দৰ্ভত গঠন কৰি দিয়া মন্ত্রীগোটে আজিকোপতি কেন্দ্রলৈ প্রতিবেদন প্রেৰণ নকৰিলে ।"