অসম

assam

ETV Bharat / state

তৌছিফ আলী ফাৰুকীৰ সহযোগী ছোহাইল উৰ ৰহমানক জেৰা - GUWAHATI IIT STUDENT ARRESTED - GUWAHATI IIT STUDENT ARRESTED

Sohail Ur Rahman questioned by police: IIT গুৱাহাটীত STFৰ মাৰাথন অভিযান । IIT গুৱাহাটীৰ লোহিত হোষ্টেলৰ ভিতৰতে আৰক্ষীৰ শীৰ্ষ বিষয়াই তৌছিফ আলী ফাৰুকীৰ সহযোগী ছোহাইল উৰ ৰহমানক জেৰা চলাইছে বুলি জানিব পৰা গৈছে ৷

Sohail Ur Rahman questioned by police
তৌছিফ আলী ফাৰুকীৰ সহযোগী চহাইল উৰ ৰহমানক জেৰা

By ETV Bharat Assamese Team

Published : Mar 24, 2024, 6:07 PM IST

Updated : Mar 24, 2024, 6:20 PM IST

গুৱাহাটী, 24 মাৰ্চ: ISISৰ যোগসূত্ৰ বিচাৰি IIT গুৱাহাটীত STFৰ মাৰাথন অভিযান । তৌছিফ আলী ফাৰুকীৰ সহযোগী ছোহাইল উৰ ৰহমানক বিচাৰি অভিযান আৰক্ষীৰ । কামৰূপৰ অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠকৰ নেতৃত্বত মাৰাথন জেৰা ছোহাইল উৰ ৰহমানক । IIT গুৱাহাটীৰ লোহিত হোষ্টেলৰ আৱাসী ছাত্ৰজন । হোষ্টেলৰ ভিতৰতে আৰক্ষীৰ শীৰ্ষ বিষয়াই ছোহাইল উৰ ৰহমানক জেৰা চলাইছে বুলি জানিব পৰা গৈছে ৷ ছোহাইল উৰ ৰহমানৰ ঘৰ জম্মুত বুলি জানিব পৰা গৈছে ।

আনহাতে তৌছিফ আলী ফাৰুকীক দেওবাৰে আদালত হাজিৰ কৰাৰ পিচতে 10 দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে । উল্লেখ্য যে বিশ্ব সন্ত্রাসবাদী সংগঠন আইছিছৰ ভাৰতৰ মুৰব্বী হাৰিছ ফাৰুকীক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই আইআইটি গুৱাহাটীৰ এজন ছাত্রই আইছিছত যোগদানৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল ।

আইআইটি গুৱাহাটীৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ তৌছিফ আলী ফাৰুকীয়ে শনিবাৰে সামাজিক মাধ্যমযোগে আইছিছত যোগদানৰ কথা পাচতেই আৰক্ষীয়ে ছাত্ৰজনক তাৎক্ষণিকভাৱে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। অসম আৰক্ষীৰ এছটিএফ দলে শনিবাৰে নিশা কামৰূপৰ হাজোৰ দমদমাৰ পৰা ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

উল্লেখ্য যে, নিজৰ লিংকডিন পেজত শনিবাৰে দুপৰীয়া ISIS লৈ যোৱা কথা ঘোষণা কৰি ভগৱানৰ নামত নিজৰ জীৱনতো উৎসৰ্গা কৰি ISIS ত যোগ দিয়া বুলি ঘোষণা কৰিছিল তৌছিফ আলী ফাৰুকীয়ে । প্ৰাপ্ত তথ্য অনুসৰি, তৌছিফ যিটো হোষ্টেলত আছিল STF এ অভিযান চলাই তাত এখন ফ্লেগ উদ্ধাৰ কৰিছিল । ছাত্ৰজনে অকলে থাকিয়ে ভাল পাইছিল । কাৰো লগত কোনো সম্পৰ্ক ৰখা নাছিল তেওঁৰ ৷

লগতে পঢ়ক:গুৱাহাটী IIT ৰ বায়টেকন’লজিৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰৰ ISIS ৰ সৈতে সম্পৰ্ক ! - GUWAHATI IIT STUDENT ARRESTED

Last Updated : Mar 24, 2024, 6:20 PM IST

ABOUT THE AUTHOR

...view details