লখিমপুৰ, ১ মাৰ্চ : লখিমপুৰ জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য (পৰিয়াল কল্যাণ) বিভাগৰ উদ্যোগত বৃহস্পতিবাৰে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দ্বিতীয় পৰ্যায়ৰ উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পৰ্কত জিলা টাস্ক ফৰ্চৰ এখন সভা অনুষ্ঠিত কৰা হয় ৷ জিলা ভাৰপ্ৰাপ্ত যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক তথা জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ তৰুণ কুমাৰ দেউৰীয়ে আঁতধৰে এই সভাখন ৷ লগতে সভাখনৰ সভাপতিত্ব কৰে জিলা অতিৰিক্ত আয়ুক্ত মিনাক্ষী পেৰমেই ।
এই বিশেষ সভাখনত জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে বক্তব্য ৰাখি কয় যে ভাৰত পলিঅ' মুক্ত দেশ । কিন্তু কিছু দেশত এতিয়াও পলিঅ' সংক্ৰমিত হৈ আছে । সেয়ে আমাৰ দেশতো পুনৰ পলিঅ’ সংক্ৰমণ হোৱাৰ আশংকা থকাৰ বাবেই উপৰাষ্ট্ৰীয় প্ৰতিষেধক প্ৰদান কাৰ্যসূচী হাতত লোৱা হৈছে ।
আগন্তুক তিনি দিনত জিলাখনত ১,৩৬,০৫৩ টা শিশুক পলিঅ' প্ৰদান কৰাৰ লক্ষ্য হাতত লোৱা হৈছে । এই সভাত জিলা প্ৰতিষেধক বিষয়া ডাঃ ভাৰতী গগৈয়ে অহা ৩, ৪ আৰু ৫ মাৰ্চত জিলাখনত অনুষ্ঠিত হ’বলগীয়া উপৰাষ্ট্ৰীয় পলিঅ’ প্ৰতিষেধক প্রদান কাৰ্যসূচী সম্পৰ্কে বিস্তৃতভাৱে সকলোকে অৱগত কৰে ।
জিলাখনত মুঠ ৮৭১ টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰ, ১৬৮ জন বুথ ছুপাৰভাইজাৰ, ২৯ জন চেক্টৰৰেল ছুপাৰভাইজাৰ, ১৪ জন ব্লক ছুপাৰভাইজাৰ আৰু ৪ জন জিলা ছুপাৰভাইজাৰ এই কাৰ্যসূচী নিয়াৰিকৈ পৰিচালনাৰ বাবে নিয়োগ কৰা হৈছে ।