অসম

assam

ETV Bharat / state

তবলাত নিখুঁত পৰশ দিবলৈ জ্যোতি ভাৰতীত উপস্থিত এজন বিশেষ কাৰিকৰ - Jyoti Bharati - JYOTI BHARATI

Poki in Tezpur : তেজপুৰৰ জ্যোতি ভাৰতীত অসমৰ ভিন্ন প্ৰান্তৰ সংগীতৰ যাদুকৰ সকলে আহি ভিৰ কৰিছেহি । কিন্ত কিয়, কি হৈছে অসম চৰকাৰৰ সংস্কৃতিক সঞ্চালকায়ৰ অধীনস্থ এই জ্যোতি ভাৰতী অৰ্থাৎ 'পকী' ত ? ই টিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ দাসৰ এক বিশেষ প্ৰতিবেদন...

JYOTI BHARATI TEZPUR
ভিন্ন প্ৰান্তৰ তবলা বাদক সকলে ভিৰ কৰিছে জ্যোতি ভাৰতীত (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 29, 2024, 8:33 PM IST

তেজপুৰ, 29 মে' : জ্যোতি ভাৰতীত এতিয়া তেজপুৰৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ তবলা বাদকসকলে ভিৰ কৰিছে ৷ কাৰণ ভাৰতবৰ্ষৰ সংগীত জগতৰ বিখ্যাত তবলা বাদক তথা গুৰুসকলৰ প্ৰিয় কাৰিকৰজন আহিছে তেজপুৰৰ জ্যোতি ভাৰতীলৈ ৷ যাৰ হাতত প্ৰাণ পাই উঠে সংগীতৰ এক অপৰিহাৰ্য অংগ তবলাই ৷ জ্যোতি ভাৰতীৰ তবলাসমূহত নিখুঁত পৰশ দিবলৈ, জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ আমন্ত্ৰণ ক্ৰমে তেজপুৰ চহৰত প্ৰথমবাৰৰ বাবে উপস্থিত হ’ল তবলাৰ এই কাৰিকৰজন ৷

জ্যোতি ভাৰতীত এজন বিশেষ কাৰিকৰ (ETV BHARAT ASSAM)

কোন এই বিখ্যাত তবলাৰ খনিকৰ :

শাস্ত্ৰীয় সংগীতৰ লগতে প্ৰায় সকলো সংগীতৰ এক অপৰিহাৰ্য অংগ তবলাত নিখুঁত পৰশ দিবলৈ জ্যোতি ভাৰতীত উপস্থিত হোৱা প্ৰখ্যাত কাৰিকৰজন হৈছে কলকাতাৰ শান্তো দাস ৷ অসম চৰকাৰৰ ৰাজ্যিক সংগীত মহাবিদ্যালয়ত 2014 চনৰ পৰাই কলকাতাৰ পৰা আহি তবলা প্ৰস্তুত কৰি আহিছে তেওঁ ৷ জ্যোতি ভাৰতীৰ প্ৰচেষ্টাত প্ৰথমবাৰৰ বাবে সাংস্কৃতিক নগৰী তেজপুৰত উপস্থিত হোৱা কাৰিকৰজনে চহৰৰ বিভিন্ন তবলা বাদক সকলক তেওঁলোকৰ বাদ্য সমূহ নিখুঁতভাবে সুৰৰ লহৰ দিব পৰাকৈ প্ৰস্তুত কৰি দিছে ৷

তেওঁ তবলাৰ ওস্তাদ পণ্ডিত কুমাৰ বসু , ওস্তাদ অনিন্দ চেটাৰ্জীৰ তবলা প্ৰস্তুত কৰে ৷ এক কথাত শান্তো দাস নহ’লে তবলাৰ ওস্তাদসকলৰ আঙুলিৰ বোল হৃদয়স্পৰ্শী নহয় ৷ তবলা শাস্ত্ৰীয় সংগীতৰ প্ৰধান বাদ্য, তবলা নহ’লে তাল মিলাই যি কোনো এটা গীত পৰিৱেশন কৰাটো অসম্ভৱ ৷ বৰ্তমান জ্যোতি সংগীত, বিষ্ণু ৰাভা সংগীত আৰু ভূপেন্দ্ৰ সংগীত সকলোতে তবলাৰ বিশেষ ভূমিকা আছে ৷ জ্যোতি ভাৰতীত সংগীতৰ চর্চা আৰু জ্যোতি-বিষ্ণু-ভূপেন্দ্ৰ সংগীত শুদ্ধ স্বৰলিপিৰে গীত শিকোৱা হয় আৰু তাৰ বাবে প্ৰয়োজনীয় এক বাদ্য হৈছে তবলা ৷ এই গীতসমূহ শুদ্ধ স্বৰত পৰিৱেশন কৰিবলৈ কাৰিকৰজনৰ হাতেৰে এই তবলাসমূহ নিখুঁতভাবে তৈয়াৰ কৰি লোৱা হৈছে ৷ লগতে তেজপুৰ চহৰ আৰু অসমৰ ভিন্ন প্ৰান্তৰ তবলা বাদকসকলে এতিয়া জ্যোতি ভাৰতীলৈ আহি শান্তো দাসৰ হাতেৰে নিজৰ তবলাযোৰ প্ৰস্তুত কৰি লৈছে ৷

লগতে পঢ়ক :কৃষিকৰ্মৰে বছৰি ২০ লাখ টকা উপাৰ্জন কৰা জন কুম্বাং - Self Reliant Cultivator

ABOUT THE AUTHOR

...view details