ডিফু, ১৪ ফেব্ৰুৱাৰী: হিট এণ্ড ৰাণ আইন বাতিলৰ দাবীত ১৫ ফেব্ৰুৱাৰীত মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চৰ ২৪ ঘণ্টীয়া ধৰ্মঘটলৈ এক সংবাদমেলযোগে নৈতিক সমৰ্থন আগবঢ়াই কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাই ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন, কৰ্মচাৰী সংগঠন তথা কৃষক সংগঠনসমূহে যৌথভাৱে বিজেপি চৰকাৰৰ কৃষক আৰু শ্ৰমিক কৰ্মচাৰী বিৰোধী কৰ্মকাণ্ডৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলাৰ লক্ষ্য লৈ অহা ১৬ ফেব্ৰুৱাৰীত সমগ্ৰ দেশতে ক্ষেত্ৰভিত্তিক শ্ৰমিক ধৰ্মঘট আৰু ভাৰত বন্ধৰ আহ্বান জনায় ।
১৬ ফেব্ৰুৱাৰীৰ পৰা অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হোৱাৰ বাবে ১৬ ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে অহা ১৫ ফেব্ৰুৱাৰীত এই বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি জানিবলৈ দিয়ে । শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে মটৰ পৰিবহন চালকসকলৰ ওপৰত এক নিৰ্মম আইন জাপি দিছে ।
ভাৰতীয় ন্যায় সংহিতাত হিট এণ্ড ৰাণ এক বিশেষ ধাৰা সংযোগ কৰিছে । যিখন আইন ৰূপায়ণ হ'লে যিকোনো মটৰ দুঘটনা হ'লে চালকজনে জেললৈয়ো যাব লাগিব আৰু জৰিমণাও ভৰিব লাগিব । সেয়ে মটৰ শ্ৰমিকসকলৰ যৌথ মঞ্চ অসমে ১৫ ফেব্ৰুৱাৰীত উক্ত বন্ধৰ প্ৰতি সমৰ্থন জনাই ২৪ ঘণ্টীয়া ধৰ্মঘটৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷