গুৱাহাটী: গুৱাহাটীত বায়ু প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে, বিশেষকৈ পাৰ হ'বলৈ ধৰা শীতকালছোৱাত । এই সময়ছোৱাত গুৱাহাটীত সৰ্বাধিক পিএম ২.৫ মাত্ৰাত বায়ু প্ৰদূষণ হৈছে । শীতকালত প্ৰতিঘনমিটাৰ বায়ুত ১১৩.০৫ মাইক্ৰগ্ৰাম (μg/m3) প্ৰদূষকৰ উপস্থিতি ধৰা পৰিছে । এয়া ৰাষ্ট্ৰীয় পৰিৱেশ বায়ু গুণমান (NAAQS) সীমাৰ প্ৰায় তিনিগুণ অধিক ।
আনহাতে গুৱাহাটীত দৈনিক হোৱা বায়ু প্ৰদূষণ ৰাষ্ট্ৰীয় মানতকৈ ২.৮ গুণতকৈ অধিক । Environmental Monitoring and Assessment (Springer Nature), নামৰ পত্ৰিকাখনত প্ৰকাশিত এক প্ৰতিবেদনত এই তথ্য উল্লেখ কৰা হৈছে ।
শীতত বৃদ্ধি পাইছে গুৱাহাটীৰ প্ৰদূষণ (ETV Bharat Assam) প্ৰতিবেদনখনৰ তথ্য অনুসৰি গুৱাহাটীত বাৰিষাতকৈ শীতত চাৰিগুণতকৈও অধিক বায়ু প্ৰদূষণ হয় । তাৎপৰ্যপূৰ্ণ যে গুৱাহাটীত হোৱা প্ৰদূষণৰ বাবে দায়ী অকল গুৱাহাটী বা ইয়াৰ উপকণ্ঠ অঞ্চল নহয় ।
অধ্যয়নটোত স্পষ্ট হৈছে যে শীত কালত ভাৰত গংগা সমভূমি অঞ্চল আৰু বাংলাদেশৰ পৰা সীমান্ত অতিক্ৰম কৰি হোৱা প্ৰদূষণে গুৱাহাটীৰ বায়ু দূষিত কৰি তোলে । শীতকালত গুৱাহাটীত হোৱা প্ৰদূষণৰ ৪৭% অৰিহণা যোগায় ভাৰত গংগা সমভূমি অঞ্চলে । আনহাতে মহানগৰখনত হোৱা ৩২ শতাংশ প্ৰদূষণৰ বাবে দায়ী বাংলাদেশ ।
গুৱাহাটীৰ বতাহত বাংলাদেশৰ বিহ (ETV Bharat Assam) তদুপৰি নিম্ন উষ্ণতা, শান্ত বতাহ আৰু অন্যান্য কাৰকে গুৱাহাটীৰ বায়ুত প্ৰদূষকবোৰক ভূ-পৃষ্ঠৰ কাষতে ধৰি ৰাখে । ইয়াৰ বাবে মহানগৰীখনত বায়ুৰ গুণমান হ্ৰাস হয় আৰু ই মহানগৰবাসীৰ স্বাস্থ্যৰ বাবে ভাবুকিৰ সৃষ্টি কৰিছে ।
গুণমান সীমাতকৈ তিনিগুণ অধিক প্ৰদূষণ (ETV Bharat Assam) আই আই টি, কানপুৰৰ চিভিল ইঞ্জিনীয়াৰিং বিভাগ আৰু নেশ্যনেল এৰচেল ফেচিলিটী( National Aerosol Facility) ৰ সন্দীপ কুমাৰ চৌধুৰী, অধ্যাপক শচীদা নন্দ ত্ৰিপাঠী, টি ভেংকট ৰমেশ ৰেড্ডী, অনিল কুমাৰ, সন্দীপ মাধৱাল, অমিত কুমাৰ যাদৱ আৰু প্ৰণৱ কুমাৰ প্ৰধানে কৰা "Influence of Seasonal Variation on Spatial Distribution of PM2.5 Concentration Using Low-Cost Sensors" শীৰ্ষক অধ্যয়নৰ ভিত্তিত প্ৰকাশ কৰা প্ৰতিবেদনখনত এই তথ্য উল্লেখ কৰা হৈছে ।
গুৱাহাটীৰ বায়ু প্ৰদূষণকলৈ অধ্যয়ন কৰা দলটোৰ অন্যতম সদস্য তথা ৰাষ্ট্ৰীয় নিৰ্মল বায়ু কাৰ্যসূচী (NACAP)ৰ বিশেষজ্ঞ কমিটীৰ সদস্য আৰু কানপুৰ আই আই টিৰ কোটাক স্কুল অব ছাষ্টেইনেবিলিটি ডীন অধ্যাপক শচীদা নন্দ ত্ৰিপাঠীয়ে কয়, "গুৱাহাটীত বায়ু প্ৰদূষণ অকল স্থানীয়ভাৱে নহয় । ইয়াৰ বাবে কিছুমান বহিৰাগত কাৰকো দায়ী । ভাৰত-গংগা সমভূমি অঞ্চল আৰু বাংলাদেশৰ পৰা সীমান্ত অতিক্ৰম কৰি অহা প্ৰদূষকে ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি আমাৰ অধ্যয়নত প্ৰমাণ পোৱা গৈছে । আনহাতে, কিছুমান স্থানীয় কাৰক যেনে যান বাহনৰ পৰা নিৰ্গত ধোৱা, উদ্যোগ, জৈৱবস্তু জ্বলোৱা আৰু নিৰ্মাণ কাৰ্যৰ পৰা ওলোৱা ধূলিৰ বাবেও গুৱাহাটীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে ।"
অধ্যয়নটোৰ বাবে ৰেস্পিৰাৰ লিভিং ছায়েন্সেজ, ইণ্ডিয়াই বিকাশ কৰা ৰিয়েল টাইম এটমচ ডিভাইচ ব্যৱহাৰ কৰা হৈছিল । ইয়াৰ বাবে গুৱাহাটীৰ একাধিক স্থানত এই ডিভাইচ সংস্থাপন কৰি বায়ুত পি এম ২.৫ ৰ ঘনত্ব, উষ্ণতা আৰু আপেক্ষিক আদ্ৰতাৰ তথ্য সংগ্ৰহ কৰা হৈছিল । ২০২২ চনৰ জুলাইৰ পৰা ২০২৩ ৰ জুনলৈকে প্ৰতিটো ঋতুক সামৰি এই অধ্যয়ণ চলোৱা হৈছিল ।
বায়ু প্ৰদূষণ ৰাষ্ট্ৰীয় মানতকৈ ২.৮ গুণতকৈ অধিক (ETV Bharat Assam) তেওঁ লগতে কয়, "ঘনকৈ সংস্থাপন কৰা কম খৰচী চেন্সৰ ডিভাইচৰ নেটৱৰ্ক ব্যৱহাৰ কৰি আমি গুৱাহাটীৰ বায়ু প্ৰদূষণৰ এখন বিতং মানচিত্ৰ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিলো । এই মানচিত্ৰত পূৰ্বতে নথিভুক্ত নোহোৱা প্ৰদূষণৰ মূল স্থানবোৰ চিনাক্ত কৰা হৈছিল । অধ্যয়নত লাভ কৰা তথ্য অনুসৰি অধিক যান-জঁট সৃষ্টি হোৱা, উদ্যোগিক কাৰ্যকলাপ আৰু নিৰ্মাণ চলি থকা অঞ্চলসমূহত শীতকালত পিএম২.৫ ৰ মাত্ৰা ধাৰাবাহিকভাৱে বৃদ্ধি হৈছিল ।"
ইয়াৰোপৰি ত্ৰিপাঠীয়ে কয়, "এই অঞ্চলসমূহৰ অন্যতম হৈছে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, গুৱাহাটীৰ কেইবাটাও মূল বাণিজ্যিক এলেকা, ঔদ্যোগিক পাম আদি, এই অঞ্চলবোৰত পি এম ২.৫ ৰ ঘনত্ব অধিক পোৱা গৈছিল । এৰিকছন ইণ্ডিয়া, ব্লুমবাৰ্গ ফিলানথ্ৰপিছ, ক্লিন এয়াৰ ফাণ্ড, আৰু অ’পেন ফিলান্থ্ৰপিৰ সহায়ত ATMAN (এডভান্সড টেকন’লজিছ ফৰ মনিটৰিং এয়াৰ-কুৱালিটি ইনডিকেটৰ) অধীনত এই অধ্যয়ণ কৰা হৈছিল ।"