অসম

assam

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 4:00 PM IST

ETV Bharat / state

মধ্যাহ্ন ভোজনত ম্যাদ উকলা বিস্কুট ! অসুস্থ ছাত্ৰ-ছাত্ৰী - mid day meal

Mid Day Meal : মধ্যাহ্ন ভোজনত ম্যাদ উকলা বিস্কুট খাই অসুস্থ চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ৷ মধ্যাহ্ন ভোজনত দিয়া হৈছিল বিস্কুট ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বঙাইগাঁও জিলা জিলা আয়ুক্ত।

MID DAY MEAL
মধ্যাহ্ন ভোজনত যোগান ধৰিলে ম্যাদ উকলি যোৱা বিস্কুত (ETV BHARAT ASSAM)

বঙাইগাঁও, 21 জুন : ৰান্ধনী নহাৰ বাবে কণ কণ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনত যোগান ধৰিলে ম্যাদ উকলি যোৱা বিস্কুট ৷ মধ্যাহ্ন ভোজনৰ সলনি দিয়া ম্যাদ উকলা বিস্কুট খাই অসুস্থ কণ কণ ছাত্ৰ-ছাত্ৰী ৷ ঘটনাৰ খবৰ লাভৰ পিচতে বিদ্যালয়ত উপস্থিত জিলা আয়ুক্ত ৷ বঙাইগাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা ৷

মধ্যাহ্ন ভোজনত ম্যাদ উকলা বিস্কুট খাই অসুস্থ ছাত্ৰ-ছাত্ৰী (ETV BHARAT ASSAM)

বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা 278 নং হৰিৰাম মহেশ্বৰী হিন্দী প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ৷ অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ নামত ম্যাদ উকলা বিস্কুট খাই অসুস্থ হৈ পৰিছে চৰকাৰী বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী ৷ মধ্যাহ্ন ভোজনৰ সলনি বিদ্যালয়খনত দিয়া হৈছিল বিস্কুট ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বঙাইগাঁও জিলাৰ জিলা আয়ুক্ত নৱদ্বীপ পাঠক ৷ এই ঘটনা পোহৰলৈ অহাৰ পিচতে সমগ্ৰ বঙাইগাঁও চহৰত সৃষ্টি হৈছে চাঞ্চল্যৰ ৷

জানিব পৰা মতে সন্মুখতে থকা এখন দোকানৰ পৰা এই বিস্কুটখিনি লৈছিল বিদ্যালয় কৰ্তৃপক্ষই ৷ বৃহস্পতিবাৰে ৰান্ধনী নহাৰ বাবে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজনৰ সলনি দিয়া হৈছিল এই বিস্কুট ৷ কিন্তু এই বিস্কুট খাই ঘৰলৈ গৈ অসুস্থ হৈ পৰে কেবাজনো ছাত্ৰ-ছাত্ৰী ৷ অভিভাৱকৰ অভিযোগ অনুসৰি ম্যাদ উকলা বিস্কুট খাই অসুস্থ হৈ পৰে ছাত্ৰ-ছাত্ৰীসকল ৷ বমি আৰু শাৰীৰিক বিভিন্ন সমস্যাত ভোগে ছাত্ৰ-ছাত্ৰীসকল ৷ ইতিমধ্যে বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদ্বীপ পাঠকে দোকানখনৰ ম্যাদ উকলি যোৱা বিস্কুট সমূহ জব্দ কৰা হৈছে বুলি জানিবলৈ দিছে ৷ উল্লেখ্য যে এই ঘটনাৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ক্ষোভিত অভিভাৱকসকলে ৷ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে ৷

লগতে পঢ়ক :জখলাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ চৌহদত বাগৰি পৰিল গছ - Tree Falls Down At School Premises

ABOUT THE AUTHOR

...view details