অসম

assam

ETV Bharat / state

বিদ্যালয়ৰ ভিতৰৰ বাক-বিতণ্ডাই ৰূপ ল’লে ৰক্তপাতৰ; ছুৰীৰে আক্ৰমণ ছাত্ৰক - Stabbing incident in Sonari

Stabbing incident in Sonari : সোণাৰিত চাঞ্চল্যকৰ ঘটনা । সোণাৰিৰ বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰতে ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰাক লৈ সৃষ্টি হয় চাঞ্চল্যৰ । আহত ছাত্ৰৰ পৰিয়ালে দাখিল কৰে এজাহাৰ ।

Student injured after being hit by a sharp weapon at Sonari
ছুৰীৰে আক্ৰমণ ছাত্ৰক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 7:35 AM IST

চৰাইদেউ, 14 জুন :যুৱ উশৃংখলতাৰ ভয়ংকৰ ৰূপৰ বহিঃপ্ৰকাশ ঘটিল চৰাইদেউ জিলাৰ সোণাৰিত । সোণাৰিৰ বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভিতৰতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা । বিদ্যালয়ৰ ভিতৰতে ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰাক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ ।

ছুৰীৰে আক্ৰমণ ছাত্ৰক (ETV Bharat Assam)

ঘটনা অনুসৰি সোণাৰিৰ কাষৰীয়া বীণাপাণি উচ্চ মাধ্যমিক বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ভাস্কৰ দৈমাৰীৰ লগত কিবা কাৰণত দশম শ্ৰেণীৰ ছাত্ৰৰ মাজত সামান্য কাজিয়াৰ সূত্ৰপাত ঘটিছিল । পৰৱৰ্তী সময়ত বিদ্যালয়ৰ শিক্ষকে বিষয়টো সমাধান কৰি দিয়ে যদিও ভাস্কৰে ছুটী লৈ বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ বিষয়টো অৱগত কৰে ৷

তেতিয়া ভাস্কৰৰ জ্যেষ্ঠ ভাতৃ ধৰ্মেন্দ্ৰ দৈমাৰীয়ে এদল যুৱকক লগত লৈ বিদ্যালয়ত উপস্থিত হৈ শিক্ষক কৰ্মচাৰীৰ সন্মুখতে কোনো কথা অৱগত নোহোৱাকৈয়ে দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰক ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ কৰি পলায়ন কৰে । ঘটনাৰ সংঘটিত হোৱাৰ সময়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-কৰ্মচাৰী সকলো আছিল যদিও আক্ৰমণকাৰী দলটোক বাধা দিবলৈ সক্ষম নহ'ল ।

ঘটনাৰ পাচতে গুৰুতৰভাৱে আহত ছাত্ৰজনক চিকিৎসালয়ত ভৰ্তি কৰা হয় । লগতে ঘটনাক লৈ আহত ছাত্ৰজনৰ পৰিয়ালৰ লোকে সোণাৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ । এজাহাৰ দাখিল কৰা পাচতে আৰক্ষীয়ে আৰম্ভ কৰে তদন্ত ।

আৰক্ষীয়ে জনোৱা অনুসৰি সম্প্ৰতি পলাতক অৱস্থাত আছে আক্ৰমণকাৰী । ঘটনাৰ উচ্চ তদন্ত কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে আহত ছাত্ৰজনৰ পৰিয়ালে । বিদ্যালয়ৰ ভিতৰতে ছাত্ৰক ছুৰীৰে আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ চৰাইদেউ জিলাতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

লগতে পঢ়ক:গুৱাহাটীত ছুৰীকাঘাতৰ ঘটনা: আৰক্ষীৰ জালত উদভ্ৰান্ত প্ৰেমিক ! - Stabbing incident in guwahati

ড্ৰাগছ আসক্ত যুৱকৰ ছুৰীকাঘাতত তেজেৰে লুতুৰি পুতুৰি এজন - ATTEMPTED TO MURDER

ABOUT THE AUTHOR

...view details