মঙলদৈ, 26 জুলাই :আজৱকাণ্ড ! যি কথা জানিলে আপুনিও হৈ পৰিব হতভম্ব ৷ আপুনি বাৰু কেতিয়াবা ভাবেনে সন্তানৰ বাবে বটবৃক্ষৰূপে থকা এগৰাকী পিতৃ হৈ পৰিব পাৰে দানৱ ? আশ্ৰয় দিওতা পিতৃয়ে কাঢ়ি নিব পাৰে সন্তানৰ মুধচৰ চালিখন ৷
আজি আমাৰ ওচৰলৈ আহিছে এনে এটা বাতৰি ৷ জানি আচৰিত হ’ব যে এইবাৰ আন লোকে নহয়, বৰঞ্চ পিতৃয়ে কেইখনমান খমখমীয়া নোটৰ বাবে বিক্ৰী কৰিলে সন্তানক ৷ যি ঘটনা সৰ্বত্ৰে এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে ৷ আমি উল্লেখ কৰা ঘটনাটো সংঘটিত হৈছে দৰং জিলাৰ মঙলদৈত ৷
ঘটনাৰ তথ্য অনুসৰি, কলাইগাঁৱৰ গেৰুৱা শান্তিপুৰৰ নিবাসী নয়নজ্যোতি দেৱ কাশ্যপ নামৰ যুৱক এজনে প্ৰায় তিনি মাহ পূৰ্বে সামাজিক মাধ্যমত চিনাকি হৈ চাৰিটা সন্তানৰ এগৰাকী মাতৃক পলুৱাই আনিছিল ৷ কেৱল চাৰি সন্তানৰ মাতৃগৰাকীকে নহয়, নয়নে মহিলাগৰাকীৰ সৈতে আনিছিল তেওঁৰ সন্তানকেইটাকো ৷
লগতে পঢ়ক :সংগীতা দত্ত-ৱালিউল ইছলামৰ আৰু এক নতুন বিপদ - Child Abuse Case in Guwahati
তাৰ পাচত সন্তানসহ পলুৱাই অনা মহিলাগৰাকীৰ সৈতে মঙলদৈৰ গেৰিমাৰীৰ এটা ভাৰাঘৰত বাস কৰিবলৈ লৈছিল নয়নে । সকলো ঠিকেই আছিল ৷ কিন্তু মাজে মাজে নয়নৰ মূৰত কিছু কূটবুদ্ধিয়ে বাহ ল’লে ৷ সি ঠিৰাং কৰিলে যে তেওঁ পলুৱাই অনা মহিলাগৰাকীৰ পূৰ্বৰ স্বামীৰ সন্তানকেইটা বিক্ৰী কৰি দিব ৷ কথা মতেই কামত লাগি গ’ল নয়ন ৷