নগাঁও, ২৫ জুন :মঙলবাৰে নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি বহুকেইটা বিস্ফোৰক মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে । 1975 চনৰ 25 জুন তাৰিখে দেশত জৰুৰী অৱস্থা ঘোষণা কৰাৰ দিনটোক বিজেপিয়ে ক'লা দিৱস হিচাপে পালন কৰিছে । নগাঁৱতো এই 25 জুন তাৰিখটো বিজেপিয়ে ক’লা দিৱস হিচাপে পালন কৰে ।
নগাঁও জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ ক’লা দিৱসত অংশগ্ৰহণ কৰি দলীয় কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি বিৰোধী কংগ্ৰেছৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ্যিক মুখপাত্ৰ ৰূপম গোস্বামী । জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়তেই ইন্দিৰা গান্ধীয়ে দেশৰ সংবিধান হত্যা কৰিছিল বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে । আনহাতে, কংগ্ৰেছৰ শাসনকালতে কমেও 75 বাৰ সংবিধান সলনি কৰিছিল বুলিও তেওঁ মন্তব্য কৰে ।
তেওঁ লগতে কয়, কংগ্ৰেছৰ শাসনকালতেই সংবিধান হত্যা কৰাৰ পাচত এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ দৰেই বিজেপিয়ে চাৰিশ আসন লাভ কৰিলেই সংবিধান সলনি কৰিব বুলি অপপ্ৰচাৰ চলাইছিল । কিন্তু সংসদত এজনো সাংসদ উপস্থিত নথকাকৈয়ে কংগ্ৰেছে সংবিধান সংশোধন কৰাৰ ব্যৱস্থা কৰিছিল বুলিও উল্লেখ কৰে বিজেপি নেতাগৰাকীয়ে । দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত সংবাদ মাধ্যমৰ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্তন কৰা হৈছিল বুলি উল্লেখ কৰি বিজেপি নেতা ৰূপম গোস্বামীয়ে মন্তব্য কৰে যে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভকো কংগ্ৰেছেই হত্যা কৰিছিল ।
সংবাদমেলত বিজেপি নেতা ৰূপম গোস্বামীৰ মন্তব্য, “ৰাজীৱ গান্ধীক হত্যাৰ সময়ত কংগ্ৰেছে ছয় মাহ নিৰ্বাচন পিছুৱাই দিছিল । আনহাতে, সেই সময়ৰ নিৰ্বাচন আয়ুক্তই পৰৱৰ্তী সময়ত কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰে নিৰ্বাচন খেলিছিল ।” ইফালে বিজেপি শাসনাধিষ্ঠিত চৰকাৰে আঁচনি প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও জাতি-ধৰ্মৰ ওপৰত বাছনি নকৰে বুলিও বিজেপি নেতাগৰাকীয়ে মন্তব্য কৰে ।