যোৰহাট :আজিৰে পৰা যোৰহাটৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত আৰম্ভ হৈছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন । পুৱাৰে পৰা সমন্বয় ক্ষেত্ৰত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যোৰহাটলৈ ভকত-বৈষ্ণৱৰ আগমন হৈছে । ৪ দিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিনতে হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল ।
গুৰুজনাৰ সৃষ্টিৰাজিৰে ভকত-বৈষ্ণৱক আদৰণি সেৱা বাহিনীৰ
শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা ভকত-বৈষ্ণৱ তথা ভক্তসকলৰ আগমন হৈছে । ভক্তসকলক অধিৱেশনলৈ শঙ্কৰদেৱ সংঘৰ সেৱা বাহিনীয়ে আদৰণি জনাইছে । অধিৱেশনৰ বাটচ'ৰাত সেৱা বাহিনীয়ে জাতীয় সাজ-পাৰ পৰিধান কৰি মুখত গুৰুজনাৰ অমিয়া বাণী আওৰাই ভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলক উষ্ম আদৰণি জনাইছে । অধিৱেশনৰ প্ৰৱেশদ্বাৰত গুৰুজনাৰ নাম-কীৰ্তন পৰিৱেশন কৰাও দেখা গৈছে সেৱা বাহিনীক ।