নগাঁও:বসুন্ধৰা ২.Oৰ পাছত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা বসুন্ধৰা ৩.O আঁচনিৰ বিৰোধিতা কৰি বসুন্ধৰা ৩.O বাতিল কৰাৰ দাবী জনাইছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই । ৰাজ্য চৰকাৰৰ এই আঁচনিক কৃষক বিৰোধী আৰু বণিয়াৰ স্বাৰ্থবাহী আখ্যা দি ই টিভি ভাৰতৰ এক সাক্ষাৎকাৰত আঁচনিখনৰ লগতে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে কেবাটাও মন্তব্য কৰে সদৌ গ্ৰামীণ শ্ৰমিক সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই ।
লগতে পঢ়ক:জৰীপ নোহোৱা সহস্ৰাধিক গাঁৱৰ ৰাইজে বসুন্ধৰা ৩.০ৰ যোগেদি লাভ কৰিব ভূমিৰ স্বত্ব
ই টিভি ভাৰতৰ সাক্ষাৎকাৰত সন্থাৰ সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তৰ মন্তব্য, "হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে অসমৰ দুখীয়া ৰাইজক ভূমি প্ৰদানৰ নামত ‘মোৰ মাটি, মোৰ অধিকাৰ’ শ্ল'গানেৰে বসুন্ধৰা আঁচনি ৰূপায়ণ কৰিছে যদিও কাৰ্যতঃ এই আঁচনি সম্পূৰ্ণ ব্যৰ্থ হৈছে ।" বসুন্ধৰা- ২.O আঁচনিত ভূমিৰ ওপৰত দুখীয়া-ভূমিহীন ৰাইজে নিজৰ অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ ১৩,৩৯,৬০১ গৰাকী আবেদনকাৰীয়ে আবেদন কৰাৰ কথা উল্লেখ কৰি ইয়াৰে ৭৫ শতাংশ আবেদনকাৰীৰ আবেদন নাকচ হোৱা বুলি দাবী কৰে অৰূপ কুমাৰ মহন্তই ।
আনকি দৰিদ্ৰ ৰায়তী কৃষকসকলৰো আবেদন নাকচ কৰা বুলি উল্লেখ কৰি ৰামদেৱ, আদানী আদি বণিক গোষ্ঠীয়ে ভূমি পোৱাৰ ক্ষেত্ৰত কোনো অসুবিধা হোৱা নাই বুলিও মন্তব্য কৰে সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে । বহুতো ৰাজহ গাঁৱৰ কোনো নক্সাই নথকা, জৰীপ নোহোৱা মাটিৰ জৰীপ নোহোৱাৰ ফলস্বৰূপে হাজাৰ হাজাৰ পৰিয়ালে আবেদন কৰাৰ পৰাই বঞ্চিত হোৱা বুলিও মন্তব্য কৰে মহন্তই ।