ETV Bharat / politics

ৰাজ্যত ৮ বছৰীয়া বিজেপিৰ শাসনকালত ১৮,২৬২ টা ধৰ্ষণৰ ঘটনা: বিস্ফোৰক তথ্য আপৰ - AAP ASSAM ON RAPE CASES

বৰাগাঁৱৰ দলবদ্ধ বলাৎকাৰৰ অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ দাবী ৷ ধৰ্ষণ সন্দৰ্ভত বিজেপি দল, মুখ্যমন্ত্ৰীৰ নীৰৱতাক লৈ প্ৰশ্ন আপ, অসমৰ ।

AAP Assam on Rape cases
ৰাজ্যত বলাৎকাৰৰ বিস্ফোৰক তথ্য আপৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 16, 2024, 10:55 PM IST

গুৱাহাটী : ৰাসৰ সময়ত বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত দলবদ্ধ ধৰ্ষণৰ ঘটনাক লৈ সৰৱ হ'ল আপ, অসম । সোমবাৰে গণেশগুৰিস্থিত আম আদমি পাৰ্টীৰ কাৰ্যালয়ত এই সন্দৰ্ভত আয়োজিত এক সংবাদমেলত দলটোৰ ৰাজ্যিক উপ-সভাপতি অনুৰূপা ডেকাৰজাই বলাৎকাৰৰ অভিযুক্তক ফাষ্টট্ৰেক আদালতৰ জৰিয়তে ক্ষিপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় । লগতে, বৰাগাঁৱৰ দুৰ্গা মন্দিৰত সংঘটিত বলাৎকাৰৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ দল-সংগঠনসমূহৰ নিৰ্লিপ্ততাক লৈও প্ৰশ্ন উত্থাপন কৰে অনুৰূপা ডেকাৰজাই ।

ৰাজনৈতিক দল আৰু একাংশ জাতীয় সংগঠনক সমালোচনা কৰাৰ উপৰি স্বয়ং মুখ্যমন্ত্ৰী আৰু বিজেপি দলৰ ভূমিকা সন্দৰ্ভত আপৰ নেত্ৰীগৰাকীয়ে কয়, "বৰ্তমানলৈকে শাসনাধিষ্ঠিত বিজেপি দল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজধানী মহানগৰীত সংঘটিত এই জঘন্য ঘটনাৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । পূৰ্বে অৰ্ণমাই বৰাৰ ধৰ্ষণ আৰু হত্যা বা ধিংকাণ্ডক লৈ যিধৰণে তেওঁলোকে নিজৰ স্থিতি প্ৰকাশ কৰিছিল, তেনে কোনো প্ৰতিক্ৰিয়া আমি লক্ষ্য কৰা নাই । ধৰ্মক লৈ ৰাজনীতি কৰা বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভগৱানৰ মন্দিৰো কলুষিত হৈছে ।"

আপৰ উপ-সভাপতি অনুৰূপা ডেকাৰজাৰ সংবাদমেল সম্বোধন (ETV Bharat Assam)

বিজেপিৰ শাসনকালত ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা

সংবাদমেলত আপ, অসমৰ উপ-সভাপতিগৰাকীয়ে এক বিস্ফোৰক তথ্য দাঙি ধৰি অভিযোগ উত্থাপন কৰে যে বিজেপিৰ শাসনকালত, অৰ্থাৎ অসমত বিগত ৮ বছৰত ১৮,২৬২ টা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে ।

২০২২ চনত ১,১১৩ টা, ২০২৩ চনত ৯৯৮ টা আৰু ২০২৪ চনত ৬ শতাধিক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । তথ্য অনুসৰি দেশৰ বিজেপিশাসিত ৰাজ্যসমূহত সৰ্বাধিক নাৰীজনিত অপৰাধ সংঘটিত হৈছে ।

আপৰ নেত্ৰীগৰাকীয়ে লগতে দাবী কৰে, "আমি আম আদমি পাৰ্টীয়ে এই জঘন্য পৰিবেশৰ অৱসান বিচাৰিছোঁ । ধৰ্ষণৰ অভিযুক্ত যি ধৰ্মৰে নহওক কিয়, তেনে অপৰাধীৰ কঠোৰতম শাস্তি দাবী কৰিছোঁ ।"

লগতে পঢ়ক :আৰক্ষীৰ জালত দলবদ্ধ ধৰ্ষণকাণ্ডৰে জড়িত আন এটা অভিযুক্ত - GUWAHATI GANG RAPE CASE
লগতে পঢ়ক :তিনিদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত সপত্নীক মুখ্যমন্ত্ৰী - ASSAM CM BHUTAN VISIT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.