বৰপেটা/যোৰহাট, 23 জুলাই:ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পাচতে পৰিলক্ষিত হৈছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ ৷ বৰপেটা জিলাত জাপানীজ এনকেফেলাইটিছ ৰোগৰ সংক্ৰমণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে ৷ জিলাখনত জাপানীজ এনকেফেলাইটিছ ৰোগে গা কৰি উঠাৰ পিচতে জিলাখনৰ স্বাস্থ্য বিভাগ তৎপৰ হৈছে ৰোগ প্ৰতিৰোধৰ বাবে ৷
ৰোগ প্ৰতিৰোধৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বুলি বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ পৰেশ চন্দ্ৰ কলিতাই জানিবলৈ দিয়ে ৷ যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, "বৰপেটা জিলাত 36 গৰাকী লোক জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে 18 গৰাকী লোকৰ জাপানীজ এনকেফেলাইটিছ পজিটিভ বুলি চিনাক্ত হৈছে । ইয়াৰ ভিতৰত জাপানীজ এনকেফেলাইটিছত এজন আৰু জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগত তিনি জনৰ মৃত্যু হৈছে । এই বৰ্ষৰ 1 জানুৱাৰীৰ পৰা 22 জুলাই পৰ্যন্ত মন্দিয়াত এজন, নগাঁৱৰ পানী মৰিছাৰ এজন আৰু চেঙাত দুজন ৰোগীৰ মৃত্যু ঘটিছে ৷"
আনহাতে, জাপানীজ এনকেফেলাইটিছ সদৃশ ৰোগতো 18 গৰাকীয়ে ভুগি আছে ৷ জানিব পৰা মতে চেঙা, মন্দিয়া, বৰপেটাৰোড, নগাঁও, ভৱানীপুৰ আদিত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে যদিও বিভাগীয়ভাবে ঠায়ে ঠায়ে তেজৰ নমুনা সংগ্ৰহ কৰা হৈছে ৷
বৰ্তমান বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত দুজন আৰু গুৱাহাটীৰ এপ’ল’ চিকিৎসালয়ত এজন জাপানীজ এনকেফেলাইটিছ ৰোগী চিকিৎাধীন হৈ আছে ৷
যোৰহাটত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ