গুৱাহাটী, ২৪ জুন:লাখ লাখ ভক্ত-দৰ্শনাৰ্থীৰে ভৰি পৰিছে গুৱাহাটী মহানগৰী । নীলাচল পাহাৰত এতিয়া বিৰ দি বাট নোপোৱাৰ অৱস্থা । বিশ্ব প্ৰসিদ্ধ মহা অম্বুবাচী মেলা উপলক্ষ্যে মা কামাখ্যা ধামলৈ বুলি ঢাপলি মেলি আহিছে দেশ-বিদেশৰ লাখ লাখ ভক্ত-দৰ্শনাৰ্থী আৰু সাধু-সন্ন্যাসী । শনিবাৰৰ পৰা আৰম্ভ হোৱা মহা অম্বুবাচী মেলাৰ মঙলবাৰে সামৰণি পৰিব । ইতিমধ্যে চৰকাৰীভাৱে আয়োজন কৰা অস্থায়ী শিবিৰসমূহত সমবেত হৈছে অগণন লোক ।
লগতে পঢ়ক:অম্বুবাচী মেলা : সাধুৰ সেৱাত ব্ৰতী এগৰাকী ব্যক্তি - Ambubachi Mela 2024
গুৱাহাটীৰ পাণ্ডু জাহাজ ঘাটত নিৰ্মাণ কৰা অস্থায়ী শিবিৰত হাজাৰ হাজাৰ ভক্ত-দৰ্শনাৰ্থীৰ সমাগম হৈছে । ইফালে সমাগম হোৱা এই হাজাৰ হাজাৰ লোকৰ পুৱাৰ পৰা নিশালৈ খাদ্যৰ যোগান ধৰি আহিছে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত তথা সংস্থাই । চৰকাৰে শিবিৰৰ ব্যৱস্থা কৰিছে যদিও খাদ্যৰ ব্যৱস্থা চৰকাৰীভাৱে কৰা হোৱা নাই । পাণ্ডু জাহাজ ঘাটত সমাগম হোৱা হাজাৰ হাজাৰ লোকৰ বাবে সাতটাকৈ বেচৰকাৰী সংস্থাই খাদ্যৰ যোগান ধৰি আহিছে ।